গোলাঘাট, ১৭ এপ্ৰিলঃ সমগ্ৰ ৰাজ্যতে এতিয়া ৰঙালীৰ পাৰ ভঙা উছাহ । গোলাঘাটতো ঘৰে ঘৰে বিহু হুঁচৰি দলে প্ৰদৰ্শন কৰিলে বিহু হুঁচৰি ।
অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি চেৰা বিহু । সমগ্ৰ ৰাজ্যতে এতিয়া ঢোঁল,পেঁপা, গগণাৰ মাতত বিহু বিহু মন । বিহুৰ মঞ্চই মঞ্চই জনপ্ৰিয় শিল্পীৰ গীতৰ শৰাই । ঢুলীয়া- নাচনী সকলো ব্যস্ত এতিয়া বিহুত । ঠিক একেদৰে গোলাঘাটতো ঘৰে ঘৰে বিহু হুঁচৰি দলে হুঁচৰিৰ লগতে বিহু গায় সকলোকে আনন্দ দিয়াৰ লগতে গৃহস্থ তথা ৰাইজক আশীৰ্বাদ দিয়ে ।