খুমটাই, 5 ছেপ্তেম্বৰঃ গোলাঘাটৰ চাহ বাগিচা সমূহত কেৱল চিকিৎসকে নহয়, প্ৰাণৰ শংকাত ভূগিছে বাগিচা পৰিচালককে ধৰি অন্যান্য বিষয়াসকলো ৷ টীয়কত চিকিৎসকক হত্যা কৰাৰ পিছতে ৰাজ্যৰ বহু বাগিচাৰ চিকিৎসক, মেনেজমেন্টেৰ বিষয়াসকলে প্ৰাণৰ শংকাত ভূগি ইতিমধ্যে পদত্যাগ কৰিছে ৷ ইয়াকে লৈ বৃহস্পতিবাৰে খুমটাই চাহ বাগিচাত শ্ৰমিকসকলৰ সহযোগত আয়োজন কৰা হয় এক সজাগতা সভা ৷
সভাত চাহ বাগিছাত কৰ্মৰত সকলো চিকিৎসক, মেনেজাৰ তথা অন্যান্য কৰ্মীসকলক সুৰক্ষাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে শ্ৰমিকসকলৰ লগতে আটছাই ৷ বাগিছাখনত কৰ্মৰত জ্যেষ্ঠ চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ শইকীয়াই পদত্যাগ কৰিবলৈ বিছাৰিছিল যদিও সজাগতা সভাতে চিকিৎসকগৰাকীয়ে পদত্যাগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ বাগিছাখনত অনুষ্ঠিত সজাগতা সভাত জ্যেষ্ঠ পৰিচালকে চৰকাৰক নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি বাগিছাসমূহত অধিক সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনায় ৷