গোলাঘাট,17 ডিচেম্বৰ : বুধবাৰে নিশা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত আৰক্ষী আৰু চিআৰপিএফ জোৱানৰ মাজত সংঘটিত হয় আক্ৰমণ-প্ৰত্যাক্ৰমণ ৷ ঘটনাক লৈ চিকিৎসালয়খনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷
প্ৰাপ্ত তথ্য অনুসৰি, চিকিৎসাধীন অৱস্থাত থকা এজন চিআৰপিএফ জোৱানে চলায় তাণ্ডৱ । চিকিৎসাধীন হৈ থকা আন ৰোগী, অভিভাৱকক চোচা লৈ অশ্লীল ভাষাৰে গালি-গালাজ দিয়ে চিআৰপিএফ জোৱানজনে । লগতে তেওঁ চিকিৎসালয়খনৰ সা-সামগ্ৰীও লণ্ড-ভণ্ড কৰে । সুৰা সেৱন কৰিব নোপোৱাৰ বাবেই জোৱানজনে এনে আচৰণ কৰা সন্দেহ প্ৰকাশ কৰিছে স্বাস্থ্যকৰ্মীয়ে ৷
আনহাতে ঘটনা সন্দৰ্ভত চিকিৎসালয়খনত আৰক্ষীৰ উপস্থিত হোৱাৰ পাচতে আৰক্ষীকো আক্ৰমণ কৰে চিআৰপিএফৰ জোৱানজনে । আৰক্ষীৰ সৈতে আক্ৰমণত লিপ্ত হয় জোৱান জন ।
এই ঘটনাৰ পাচতে চিকিৎসালয়ৰ চৌহদত আৰক্ষী আৰু চিআৰপিএফৰ জোৱানজনৰ মাজত আৰম্ভ হয় আক্ৰমণ-প্ৰত্যাক্ৰমণ । চিআৰপিএফ জোৱানজনৰ নাম সন্তোষ চি আৰু তেওঁ গোলাঘাটৰ 142 নং বেটেলিয়ন কেম্পত কৰ্মত নিয়োজিত ।
লগতে পঢ়ক : জোনাইত পথ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা দুই বাইক আৰোহীৰ