ETV Bharat / state

গোলাঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ বিক্ষোভ

author img

By

Published : Aug 10, 2021, 8:40 AM IST

গোলাঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ গৰ্জন ৷ মূল্যবৃদ্ধি ৰোধৰ দাবীত গোলাঘাটৰ মাজমজিয়াতে সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ৷

assu protest against price hike
মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ গৰ্জন

গোলাঘাট, 10 আগষ্ট : ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷ সোমবাৰে গোলাঘাটৰ মাজমজিয়াত মূল্যবৃদ্ধি(PRICE HIKE)ৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ অবিৰত আৰু অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণৰ জীৱন-জীৱিকা ভয়াৱহ সংকটৰ সন্মুখীন হৈছে । বিপাঙত পৰিছে সাধাৰণ ৰাইজ ৷

assu protest against price hike
মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ গৰ্জন

আনহাতে, কৰ’ণাৰ ভয়াৱহ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্য চৰকাৰে জাৰি কৰা আংশিক লক ডাউনৰ ফলতো জুৰুলা হৈছে ৰাজ্যৰ জনসাধাৰণ ৷ যাৰ ফলত অধিকাংশ লোকে হেৰুৱাইছে কৰ্ম সংস্থাপন ৷ ইয়াৰ মাজতে আকৌ পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধি(PRICE HIKE)য়ে ৰাম টাঙোন শোধাইছে ৰাজ্যবাসীক ৷ পানীত হাঁহ নচৰা অৱস্থা হৈছে সাধাৰণ লোকৰ ৷

লগতে পঢ়ক: মূল্যবৃদ্ধি ৰোধৰ দাবীত আম আদমী পাৰ্টীৰ প্ৰতিবাদ

কিন্তু এইক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৰাজ্যৰ যোগান বিভাগৰ বিৰুদ্ধে ৷ মূল্যবৃদ্ধি(PRICE HIKE) ৰোধৰ দাবীত বিভিন্ন সময়ত সাধাৰণ ৰাইজৰ লগতে বহু দল-সংগঠনেও প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷ সোমবাৰে গোলাঘাটতো সদৌ অসম ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী ৷ শীঘ্ৰে চৰকাৰক অত্যাৱশ্যকীয় বয়-বস্তুসমূহৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাই ছাত্ৰ সন্থাই ।

লগতে পঢ়ক: বিলাসীপাৰাত বাওঁপন্থীৰ নেতৃত্বত ভাৰত বচাও আন্দোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.