গোলাঘাট,12 আগষ্ট : অসম চাহ মজদুৰ সংঘ আৰু ভাৰতীয় চাহ মজদুৰ সংঘৰ দীৰ্ঘদিনীয়া কাৰ্যালয় কেন্দ্ৰিক সংঘাতৰ অৱসান । অৱশেষত জিলা প্ৰশাসনে কাৰ্যালয় গতালে অসম চাহ মজদুৰ সংঘক। তিনিবছৰীয়া কন্দলৰ পৰিণতিত অসম চাহ মজদুৰ সংঘই লাভ কৰিলে কাৰ্যালয়। অৱশেষত মুখঠেকেচা খালে প্ৰাক্তন বিধায়ক আৰ্কলিয়াছ তিৰ্কীয়ে। আৰ্কলিয়াছ তিৰ্কীৰ নেতৃত্বত গোলাঘাটত গঠিত ভাৰতীয় চাহ মজদুৰ সংঘই দখল কৰিছিল গোলাঘাট নগৰস্থিত অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয়। উল্লেখ্য যে,সুদীৰ্ঘ দিন অসম চাহ মজদুৰ সংঘ,গোলাঘাট জিলাৰ সম্পাদকৰ দায়িত্ব বহন কৰা আৰ্কলিয়াছ তিৰ্কীয়ে এৰাতিতে পাভলুটি মাৰিছিল ভাৰতীয় চাহ মজদুৰ সংঘলৈ। 2016 চনত ৰাজ্যত বিজেপি চৰকাৰ হোৱাৰ লগে লগে কংগ্ৰেছৰ শ্ৰুতলিপিত চলা অসম চাহ মজদুৰ সংঘ ত্যাগ কৰি বিজেপিৰ লগত সুৰ মিলাই আৰ্কলিয়াছ তিৰ্কীয়ে গঠন কৰিলে ভাৰতীয় চাহ মজদুৰ সংঘ,গোলাঘাট জিলা সমিতি। দায়িত্বত নিজেই তিৰ্কী। তেতিয়াই লাগিল আউল। জন্মলগ্নৰে পৰা অসম চাহ মজদুৰ সংঘই ব্যৱহাৰ কৰা কাৰ্যালয়টো তিৰ্কীয়ে ভাৰতীয় চাহ মজদুৰ সংঘৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিবলৈ লোৱাত অসম চাহ মজদুৰ সংঘৰে সংঘাতত লিপ্ত হয় । ইয়াক লৈ প্ৰশাসনে কেইবাবাৰো 144 ধাৰা জাৰী কৰিবলগীয়া পৰিস্থিতিও উদ্ভৱ হয়। অৱশেষত 12 আগষ্টত প্ৰশাসনে তিনিবছৰৰ অন্তত কাৰ্যালয় গতালে অসম চাহ মজদুৰ সংঘক।
অসম চাহ মজদুৰ সংঘলৈ গোলাঘাটস্থিত কাৰ্যালয় - প্ৰাক্তন বিধায়ক
তিনিবছৰীয়া কন্দলৰ পৰিণতিত অসম চাহ মজদুৰ সংঘই লাভ কৰিলে কাৰ্যালয়। ভাৰতীয় চাহ মজদুৰ সংঘই দখল কৰিছিল গোলাঘাট নগৰস্থিত অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয় । দীৰ্ঘদিন ধৰি চলিছিল সংঘাত ৷ জাৰী কৰিবলগীয়া হৈছিল 144 ধাৰা