ETV Bharat / state

লক ডাউনৰ সকলো খবৰঃ ক’ত কি ঘটিল ?

Assam Lock down
লক ডাউনৰ সকলো খবৰঃ ক‘ত কি ঘটিল?
author img

By

Published : Apr 19, 2020, 12:50 PM IST

Updated : Apr 19, 2020, 8:50 PM IST

17:19 April 19

ভাৰত ভূটান সীমান্তত ভাৰতীয় সশস্ত্ৰ সীমা বল দ্বাৰা খাদ্য সামগ্ৰী বিতৰণ

ভাৰত ভূটান সীমান্তত ভাৰতীয় সশস্ত্ৰ সীমা বল দ্বাৰা খাদ্যসামগ্ৰী বিতৰণ

বাক্সা,19 এপ্ৰিলঃ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তত ভাৰতীয় সশস্ত্ৰ সীমা বল দ্বাৰা খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷ দুমুনীস্থিত চামকঠাল বস্তিৰ ৰাইজৰ মাজত ভাৰতীয় সশস্ত্ৰ সীমা বলে সাহাৰ্য বিতৰণৰ কৰাৰ কথা ব্যক্ত কৰে মুছলপুৰস্থিত ২৭ নং এছ এছ বি কেম্পৰ সঞ্চালক তপন আচাৰ্যই ৷ ইতিমধ্যে বাক্সা জিলাৰ অহোপা,আঠিয়াবাৰী আৰু আমবাৰী গাৱঁত ৩৮ ঘৰ দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে ৷ 

15:59 April 19

শিৱসাগৰত আৰক্ষী আৰু সাংবাদিকৰ মাজত মাস্ক বিতৰণ সমাজকৰ্মী ৰাজ ভূষন গগৈৰ

আৰক্ষী আৰু সাংবাদিকৰ মাজত মাস্ক বিতৰণ সমাজকৰ্মী ৰাজ ভূষন গগৈৰ

শিৱসাগৰ,19 এপ্ৰিলঃ শিৱসাগৰত জৰুৰীকালীন সেৱাত নিয়োজিত আৰক্ষী আৰু সাংবাদিকৰ মাজত মাস্ক বিতৰণ সমাজকৰ্মী ৰাজ ভূষন গগৈৰ ৷ শিৱসাগৰ সদৰ থানাৰ আৰক্ষী বিষয়াকে ধৰি প্রায় ৩০ গৰাকী আৰক্ষী আৰু সংবাদকৰ্মীক বিতৰণ কৰে মাস্ক আৰু ছেনিটাইজাৰ ৷ লগতে তেখেতে এই জৰুৰীকালীন সময়ত নিজ নিজ কৰ্মত নিয়োজিত লোকসকলৰ কামৰ শলাগ লয় ৷

15:21 April 19

ডুবাপৰা আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমজান আলিৰ প্ৰশংসনীয় পদক্ষেপ

আৰক্ষী বিষয়া ৰমজান আলিৰ প্ৰশংসনীয় পদক্ষেপ

গোৱালপাৰা,19 এপ্ৰিলঃ গোৱালপাৰা ডুবাপৰা আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমজান আলিৰ প্ৰশংসনীয় পদক্ষেপ ৷ অঞ্চলটোৰ ১০০টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে আৰক্ষী বিষয়া গৰাকীয়ে ৷ অনাগত দিনসমূহতো দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ অব্যাহত ৰাখিব বুলি মন্তব্য কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমজান আলিয়ে ৷ 

15:21 April 19

কলিয়াবৰত সামগ্ৰী বিতৰণ "সংযোগ কলিয়াবৰ" নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ

কলিয়াবৰত সামগ্ৰী বিতৰণ সংযোগ কলিয়াবৰ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ

কলিয়াবৰ,19 এপ্ৰিলঃ কলিয়াবৰত "সংযোগ কলিয়াবৰ" নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে কলিয়াবৰৰ বামুণী দ'লপুখুৰী মথৌখাটৰ ১৫০ টা দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্ৰী ৷ ইয়াৰ লগতে কৰ’ণা ভাইৰাছ সংক্ৰমণৰ সচেতনতা সম্পৰ্কে গোঁহাৰি পত্ৰও পৰিয়ালসমূহক বিতৰণ কৰে সংগঠনটোৱে ৷ 

12:54 April 19

গোৰেশ্বৰ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ খাদ্য সামগ্ৰী বিতৰণ

বাক্সা,19 এপ্ৰিলঃ গোৰেশ্বৰ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে গোৰেশ্বৰৰ কেইবাঠাইতো বিতৰণ কৰিলে সাহাৰ্য ৷ দুই শতাধিক দৰিদ্ৰ পৰিয়ালক চাউল,আলু,তেল,লাও,বিস্কুট আদি বিতৰণ কৰে সংগঠনটোৰ সদস্যসকলে ৷ গোৰেশ্বৰৰ ভোগপুৰ,সৰুফুলচৰী,গেৰুৱা আৰু গাৰোগাঁও আদিকে ধৰি কেইবাখনো গাঁৱত বিতৰণ কৰা হয় সাহাৰ্য ৷

12:12 April 19

গোলাঘাটত দৰিদ্ৰ লোকক সামগ্ৰী বিতৰণৰ নামত দুৰ্নীতিৰ অভিযোগ

গোলাঘাটত দৰিদ্ৰ লোকসকলক সামগ্ৰী বিতৰণৰ নামত দুৰ্নীতি

গোলাঘাট,19 এপ্ৰিলঃ লক ডাউনৰ মাজতে গোলাঘাটত দৰিদ্ৰ লোকসকলক সামগ্ৰী বিতৰণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ চৰকাৰৰ তৰফৰ পৰা দৰিদ্ৰ লোকসকলৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ পাঁচ কেজিকৈ চাউল বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে যদিও তাৰ পৰা আধা কেজি পৰ্যন্ত চাউল ৱাৰ্ড সদস্য আৰু সমবায় সমিতিৰ সদস্যই কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰিছে লোকসকলে ৷ যাৰ বাবে এক প্ৰকাৰৰ খাদ্য সংকটৰ সন্মুখীন হৈছে দৰিদ্ৰ লোকসকল ৷

11:59 April 19

স্বেচ্ছাসেৱী সংগঠন বৰপেটা বঙাইগাঁও আঞ্চলিক ক্লাবৰ কৰ্মকৰ্তা সকলে গুনিয়ালগুৰি অঞ্চলৰ দৰিদ্ৰ লোকসকলৰ মাজত সামগ্ৰী বিতৰণ কৰে ৷

বৰপেটাত স্বেচ্ছাসেৱী সংগঠনৰ সাহায্য বিতৰণ

জনিয়া,19 এপ্ৰিলঃ লক ডাউনৰ বাবে খাদ্য সংকটৰ সন্মুখীন ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ লোকসকল ৷ ইয়াৰ মাজতেই স্বেচ্ছাসেৱী সংগঠন বৰপেটা বঙাইগাঁও আঞ্চলিক ক্লাবৰ কৰ্মকৰ্তা সকলে গুনিয়ালগুৰি অঞ্চলৰ দৰিদ্ৰ লোকসকলৰ মাজত সামগ্ৰী বিতৰণ কৰে ৷ স্বেচ্ছাসেৱী সংগঠনটোৰ এই কাৰ্যক প্ৰশংসা সাধাৰণ ৰাইজৰ ৷

Last Updated : Apr 19, 2020, 8:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.