ETV Bharat / state

2020ৰ পৰা প্ৰদান কৰা হ'ব "পৰিৱেশ মিত্ৰ" বঁটা

পৰিৱেশ সজাগতাৰ ওপৰত  আগবঢ়োৱা অৰিহণাৰ বাবে একোটা অনুষ্ঠান আৰু এগৰাকীকৈ ব্যক্তিক বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব "পৰিৱেশ মিত্ৰ" বঁটা ৷ লগতে ৰাজ্যৰ প্ৰতিটো মহকুমাৰ বিজ্ঞান শাখা থকা মহাবিদ্যালয়সমূহত গঠন কৰা হ'ব পৰিৱেশ আৰু জলবায়ু কোষ ৷

পৰিৱেশ দিৱসত প্ৰদান কৰা হ'ব "পৰিৱেশ মিত্ৰ" বঁটা
author img

By

Published : Jun 5, 2019, 7:11 PM IST

গোলাঘাট, 5 জুন : বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ৰাজ্য চৰকাৰৰ বিশেষ সিদ্ধান্ত গ্ৰহণ ৷ 2020 বৰ্ষৰ পৰা প্ৰতিবছৰে বিশ্ব পৰিৱেশ দিৱসৰ দিনা প্ৰদান কৰা হ'ব "পৰিৱেশ মিত্ৰ" বঁটা ৷ পৰিৱেশ সজাগতাৰ ওপৰত আগবঢ়োৱা অৰিহণাৰ বাবে একোটা অনুষ্ঠান আৰু এগৰাকীকৈ ব্যক্তিক বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব এই বঁটা ৷ গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত অনুষ্ঠিত পৰিৱেশ দিৱসৰ মুকলি সভাত এই ঘোষণা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ । লগতে ৰাজ্যৰ প্ৰতিটো মহকুমাৰ বিজ্ঞান শাখা থকা মহাবিদ্যালয়সমূহত পৰিৱেশ আৰু জলবায়ু কোষ গঠন কৰিবলৈ ৰাজ্য চৰকাৰে অনুদান আগবঢ়াব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ উদ্যোগত গোলাঘাট দেৱৰাজ ৰয় কলেজত অনুষ্ঠিত হোৱা বিশ্ব পৰিৱেশ দিৱসৰ এই কাৰ্যসূচীতমন্ত্ৰী অতুল বৰা উপস্থিত থাকি পৰিৱেশ সম্পৰ্কে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনায় তেওঁ ৷

পৰিৱেশ দিৱসত প্ৰদান কৰা হ'ব "পৰিৱেশ মিত্ৰ" বঁটা

আকৌ পঢ়ক - নামাজলৈ আহি হাতত গছপুলি লৈ ঘৰমুৱা হ'ল বগলীজানবাসী

Golaghat 05.06.2019
slug : as_glt_keshab Mahanta declared_vis_byte_7205572
 O.C.:  গোলাঘাটত মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা। অহা বছৰৰ পৰা পৰিৱেশ মিত্ৰ বঁটা প্ৰদান কৰিব ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে আগবঢ়াব এই পৰিৱেশ মিত্ৰ বঁটা। পৰিৱেশ সম্পৰ্কীয় সেৱা আগবঢ়োৱা একোতা অনুস্থান আৰু একোজন ব্যক্তিক প্ৰদান কৰিব এই বঁটা। গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত অনুষ্ঠিত পৰিৱেশ দিৱসৰ মুকলি সভাত ঘোষণা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী  কেশব মহন্তৰ। লগতে প্ৰতি মহকুমাৰ বিজ্ঞান মহাবিদ্যালয় সমুহত পৰিৱেশ আৰু জলবায়ু কোষ গঠন কৰি ৰাজ্য চৰকাৰে অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ।
V.O. : পৰিৱেশৰ ওপৰত নিৰবিচিন্ন সেৱা আগবঢ়োৱা অসমৰ এটা অনুষ্ঠান আৰু এজন ব্যক্তিক প্ৰতিবছৰে পৰিৱেশ দিৱসৰ লগত সঙ্গতি ৰাখি আগবঢ়োৱা হব পৰিৱেশ মিত্ৰ বঁটা। গোলাঘাটত এই ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ। অহা বছৰৰ পৰা পৰিৱেশ মিত্ৰ বঁটা প্ৰদান কৰিব ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে আগবঢ়াব এই পৰিৱেশ মিত্ৰ বঁটা। আজি গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত অনুষ্ঠিত পৰিৱেশ দিৱসৰ মুকলি সভাত এই কথা ঘোষণা কৰে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। লগতে প্ৰতি মহকুমাৰ বিজ্ঞান মহাবিদ্যালয় সমুহত পৰিৱেশ আৰু জলবায়ু কোষ গঠন কৰি ৰাজ্য চৰকাৰে অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ। এই কোষত থাকিব শিক্ষক আৰু ছাত্র ছাত্ৰী।
Byte-- কেশৱ মহন্ত , মন্ত্ৰী 
V.O.: ইফালে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি  বিভাগৰ উদ্যোগত গোলাঘাট দেৱৰাজ ৰয় কলেজত অনুষ্ঠিত হোৱা বিশ্ব পৰিৱেশ দিৱসত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা। পৰিৱেশ সম্পৰ্কে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনায় মন্ত্ৰী অতুল বৰাই। 
Byte -- অতুল বৰা , মন্ত্ৰী
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

 Footage send by mojo
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.