ETV Bharat / state

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অসম গোৰ্খা সন্মিলনৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক অধিৱেশন - ষষ্ঠ ত্ৰি-বাৰ্ষিক অধিৱেশন

অসম গোৰ্খা সন্মিলনৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক অধিৱেশন ৷ অধিৱেশনত গোলাঘাট গোৰ্খা জিলা সমিতিৰ নতুন সমিতি গঠনৰ লগতে বিভিন্ন বিষয়ত আলোচনা ৷

অসম গোৰ্খা সন্মিলনৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক অধিৱেশন
author img

By

Published : May 13, 2019, 11:22 PM IST

গোলাঘাট, 13 মে' : ধনশিৰি মহকুমাৰ অভং পথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় অসম গোৰ্খা সন্মিলনৰ ষষ্ঠ ত্ৰি বাৰ্ষিক অধিৱেশন । অধিৱেশনত অসম গোৰ্খা সন্মিলনৰ গোলাঘাট জিলা সমিতিৰ নতুন সমিতি গঠনৰ লগতে বিভিন্ন বিষয়ত আলোচনা কৰা হয় ৷ উক্ত অনুষ্ঠানতে এন আৰ চি সম্পৰ্কত মত প্ৰকাশ কৰি অকৰ্তৃত্বশীলভাৱে একাংশ বিষয়ববীয়াই সুচল এন আৰ চি প্ৰক্ৰিয়াত বাধা প্ৰদান কৰি আহিছে ৷ ইয়াত ধনৰ লেন-দেন হৈ আছে বুলি মন্তব্য কৰে অসম গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদক ভাস্কৰ দাহালে ৷

Intro:ধনশিৰি মহকুমাৰ অভং পথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় অসম গোৰ্খা সন্মিলনৰ ষষ্ঠ ত্ৰি বাৰ্ষিক অধিৱেশন । অধিবেশনত অসম গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদক ভাস্কৰ দাহাল উপস্থিত থাকি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আৰু এন আৰ চি ৰ উপৰত স্পষ্ট মত প্ৰকাশ কৰে ।Body:এইবাৰ লোকসভা নিৰ্বাচনৰ ২৩ মে ত যি ফলাফল ঘোষণা হব তাৰ ফলাফল কি হব বুলি আমাৰ সাংবাদিকে অসম গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদক গৰাকীক শুধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে আগৰ তুলনাত এইবাৰ বিজেপিৰ ২ খন হলেও আসন কমিব ।

অসম গোৰ্খা সন্মিলন সাধাৰণ সম্পাদক গৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গোৰ্খা সন্মিলনে তীব্ৰ বিৰোধিতা কৰি কয় যে অসমত হিন্দু বা মুছলমানেই হওঁক মুঠতে ১৯৭১ চনৰ পিছত অহা সকলো লোক অসম এৰি যাবই লাগিব আৰু অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিদেশী সংস্থাপন দিয়া কোনো আইন আমি মানি লোৱা নহব বুলি কয় । অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে জোৰ জুলুম কৰি যদি এই জাতিধংসী বিধেয়কখন গৃহীত কৰে তেতিয়া অৰুণাচলৰ দৰে ঘটনাৰ সূত্ৰপাত হব বুলিও হুংকাৰ প্ৰদান কৰে ।

এন আৰ চি ৰ ক্ষেত্ৰতো তেঁও এন এছ কে কেন্দ্ৰ সমূহৰ বিষয়া সকলে খিলঞ্জীয়া গোৰ্খা সকলক অযথা হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু সুচল ভাৱে চলি থকা নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম কিছুমান বিষয়া কৰ্মচাৰীয়ে ধনৰ লেন দেন কৰি ধংস কৰাৰ ষড়যন্ত্ৰ চলাইছে সেই বিষয়া কৰ্মচাৰীসকল চৰকাৰে চিনাক্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাই অসম গোৰ্খা সন্মিলনে ।
Conclusion:Byte :- ভাস্কৰ দাহাল ( অসম গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদক )
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.