গোলাঘাট, 13মেঃ শেহতীয়া পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি পূব সৰুপথাৰৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল বুবুল বৰা নামৰ লোকজন ৷ দুজনী ছোৱালীৰ সৈতে বুবুল বৰা আৰু মামণি বৰাৰ এখন সুখৰ সংসাৰ যদিও হঠাতে গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট জয়াপথাৰৰ এই পৰিয়ালটোলৈ নামিছে অমানিশা ৷
জানিব পৰা মতে শৰীৰৰ দুয়োটা বৃক্কই বিকল হৈ পৰিছে বুবুলৰ ৷ যথেষ্ট ব্যয়বহুল চিকিৎসা কৰাবলৈ পত্নী মামণিৰ হাতত নাই পৰ্যাপ্ত পৰিমাণৰ ধন ৷ তৎসত্ত্বেও বুবুলক সুস্থ কৰি তুলিবলৈ দিনে নিশাই কষ্ট কৰি পত্নী মামণিয়ে এখনৰ পিচত আন এখন চিকিৎসালয়লৈ ঢপলিয়াই ফুৰিছে যদিও দিনে দিনে স্বামীৰ অসুস্থ হৈ পৰাত দিক-বিদিক হেৰুৱাইছে পৰিয়ালটোৱে ৷ আৰ্থিকভাৱে দুৰ্বল এই পৰিয়াটোক এতিয়া প্ৰয়োজন আৰ্থিক সাহায্যৰ ৷ সেয়ে কিছু আৰ্থিক সহায়েৰে পৰিয়ালটোৰ লোকসকলৰ মুখত হাঁহি বিৰিঙাবলৈ সদাশয় লোকসকলক আহ্বান জনাইছে ৷