গোলাঘাট, ২৫ জুনঃ গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত। বনৰীয়া হাতীয়ে খাদ্য-সামগ্ৰীৰ লণ্ড-ভণ্ড কৰাৰ লগতে ভাঙি তহিলং কৰিছে বিদ্যালয়ৰ ৰান্ধনী গৃহ।
গোলাঘাটৰ কালীয়নী বাঁহবাৰী, আদি অঞ্চলত দীৰ্ঘ দিন ধৰি বন্য হস্তীৰ উপদ্ৰৱত বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ। প্ৰায় ৪০-৫০ টা হাতীৰ জাকে উপদ্ৰৱ চলাই খেতি পথাৰ খাই নষ্ট কৰাৰ লগতে কালীয়নী বাগান প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী গৃহ ভাঙি তহিলং কৰে। গাঁওবাসীয়ে বনৰীয়া হাতীৰ উপদ্ৰৱত উজাগৰী নিশা কটাব লগীয়া হৈছে । ইফালে দিন দুপৰতে বনৰীয়া হাতীৰ বিচৰণৰ বাবে আতংকিত বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় লোকসকল। ইফালে বহু দিন আধাতে পাঠদান বন্ধ কৰি বন্যহস্তীৰ বাবে বিদ্যালয় চুটি দিব লগাও পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়াও হাতীৰ জাকটোৱে কাষৰে এখন চাহ বাগিছাত আশ্ৰয় লৈ থকাত আতংকিত হৈ আছে লোকসকল।
গোলাঘাটৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱত ৰাইজৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ পিচতো বন বিভাগ তথা প্ৰশাসনে বনৰীয়া হাতী প্ৰতিৰোধৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে ৰাইজে। অতিশীঘ্ৰে সেই অঞ্চলত আশ্ৰয় লৈ থকা বনৰীয়া হাতীৰ জাকটো বনাঞ্চললৈ খেদি পঠিয়াবলৈ বনবিভাগৰ লগতে প্ৰশাসনক আহ্বান জনাইছে ৰাইজে।
লগতে আন এটা বাতৰি- আহমেদাবাদলৈ অসমৰ হাতী প্ৰেৰণৰ বিৰোধিতাত দাখিল পি আই এল