গোলাঘাট, 10 মেঃ অৱশেষত সন্তানকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে গায়ক বিপিন চাওদাঙে৷ "মোৰ সৰু ল'ৰাটোক কষ্ট দিব নেলাগে এই কথা মই জানো ৷ অসমীয়াৰ সংস্কৃতি ঢোল বাদ্য শিকাবলৈ চেষ্টা কৰিছো মোৰ ল'ৰাটোক৷ কিন্তু মুধা ফুটা সাংবাদিকে সমালোচনা কৰে । কোনো ধনৰ বিনিময়ত মোৰ ল'ৰাটোক মঞ্চই মঞ্চই ঢোল বজাবলৈ নিয়া নাই ।" গোলাঘাটৰ জোনাকী নগৰ বিহু সন্মিলনত বৃহস্পতিবাৰে নিশা গীত পৰিবেশনৰ মাজতে এই মন্তব্য কৰে বিপিন চাওদাঙে৷
উল্লেখ্য যে সন্তানক বিহু মঞ্চত ঢোল বাদনৰ বাবে অনাৰ ফলত একাংশ সাংবাদিকে সন্তানক পইচা ঘটিবলৈ অনা বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি সাংবাদিকক মুধা ফুটা সাংবাদিক আখ্যা দিয়ে গায়কজনে৷ টকাৰ বাবে নহয় ঢোল বাদনৰ দ্বাৰা অসমীয়া সংস্কৃতিটো ধৰি ৰখাৰ প্ৰচেষ্টাৰেহে সন্তানক বিহু মঞ্চত লৈ অহা বুলি মন্তব্য গায়কজনৰ৷