গোলাঘাট,2 আগষ্টঃ আজিৰে পৰা ৰাজ্যৰ ৬,৬৫০ গৰাকী ঠিকাভিত্তিক শিক্ষকে চাকৰি নিয়মীয়াকৰণ আৰু প্ৰাপ্য দৰমহাৰ দাবীত গ্ৰহণ কৰিছে শ্ৰেণী বৰ্জন কাৰ্যসূচী। চাৰিদিনৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে শিক্ষকসকলে ৷ যাৰ বাবে অচল হৈ পৰিব অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থা । গোলাঘাট জিলাতো পৰিছে এই প্ৰতিবাদৰ প্ৰভাৱ ৷ গোলাঘাটত শিক্ষকৰ দাবীৰ প্ৰতি সমৰ্থন জনাই শুকুৰাবৰে শিক্ষকৰ লগত ৰাজপথলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰীসকল ৷ প্ৰতিটো শ্ৰেণীত তিনি চাৰিটাকৈ বিষয়ৰ পাঠদান বন্ধ হৈ পৰাত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে ছাত্ৰ- ছাত্ৰী সকল। অসম চৰকাৰৰ শিক্ষা বিভাগে অসমৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত জীৱনক লৈ হেতালি নেখেলিবলৈ সকিয়নি প্ৰদান ছাত্ৰ ছাত্ৰীসকলৰ।
বিপদত পৰিছে ছাত্ৰসমাজ ! শিক্ষামন্ত্ৰীলৈ বিশেষ অনুৰোধ ছাত্ৰ-ছাত্ৰীৰ - প্ৰতিবাদ
ঠিকাভিত্তিক শিক্ষক আৰু চৰকাৰৰ খামখেয়ালিৰ মাজত এতিয়া বিপদত পৰিছে ছাত্ৰ-ছাত্ৰী ৷ কাৰণ ৰাজ্যজুৰি চলিছে ঠিকাভিত্তিক শিক্ষকৰ প্ৰতিবাদ ৷ শিক্ষকৰ দুৰ্দশা দেখি শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে অনুৰোধ ছাত্ৰ-ছাত্ৰীৰ ৷
গোলাঘাট,2 আগষ্টঃ আজিৰে পৰা ৰাজ্যৰ ৬,৬৫০ গৰাকী ঠিকাভিত্তিক শিক্ষকে চাকৰি নিয়মীয়াকৰণ আৰু প্ৰাপ্য দৰমহাৰ দাবীত গ্ৰহণ কৰিছে শ্ৰেণী বৰ্জন কাৰ্যসূচী। চাৰিদিনৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে শিক্ষকসকলে ৷ যাৰ বাবে অচল হৈ পৰিব অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থা । গোলাঘাট জিলাতো পৰিছে এই প্ৰতিবাদৰ প্ৰভাৱ ৷ গোলাঘাটত শিক্ষকৰ দাবীৰ প্ৰতি সমৰ্থন জনাই শুকুৰাবৰে শিক্ষকৰ লগত ৰাজপথলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰীসকল ৷ প্ৰতিটো শ্ৰেণীত তিনি চাৰিটাকৈ বিষয়ৰ পাঠদান বন্ধ হৈ পৰাত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে ছাত্ৰ- ছাত্ৰী সকল। অসম চৰকাৰৰ শিক্ষা বিভাগে অসমৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত জীৱনক লৈ হেতালি নেখেলিবলৈ সকিয়নি প্ৰদান ছাত্ৰ ছাত্ৰীসকলৰ।
Byte 2: teacher
Byte 3: student
Byte 4: student
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।