ETV Bharat / state

বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি নুমলীগড়ত ৰাইজৰ প্ৰতিবাদ

কিমান আৰু বন্যহস্তীৰে সংঘাতত লিপ্ত হ'ব? প্ৰতিদিনে গোলাঘাটৰ নুমলীগড়ত ত্ৰাসৰ সৃষ্টি কৰে বনৰীয়া হাতীয়ে । পথাৰৰ ধান খাই তহিলং কৰিছে হাতীয়ে। বন বিভাগক হাতী খেদিবলৈ অনুৰোধ জনায়ো ৰাইজে সুফল পোৱা নাই । অৱশেষত বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ল নুমলীগড়ৰ ৰাইজে ।

author img

By

Published : Nov 10, 2020, 8:00 PM IST

বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি নুমলীগড়ত ৰাইজৰ প্ৰতিবাদ
বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি নুমলীগড়ত ৰাইজৰ প্ৰতিবাদ

নুমলীগড়, ১০ নৱেম্বৰ: বন্যহস্তীৰ ত্ৰাসত ত্ৰস্তমান হৈ পৰিছে গোলাঘাটৰ নুমলীগড়ৰ ৰাইজ । হিলৈ, জুই আদিলৈ কেৰেপ নকৰে বনৰীয়া হাতীয়ে। বন বিভাগক হাতী খেদাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই । উপায়হীন হৈ মঙলবাৰে নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ সন্মুখত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । শীঘ্ৰে হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ লগতে হাতীয়ে শস্য নষ্ট কৰা কৃষকক ক্ষতিপূৰণ দিবলৈও দাবী জনায় ।

নিতৌ নুমলীগড়ৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলায় জাকে জাকে বন্যহস্তীয়ে। বাসগৃহ ভাঙি, বাৰীৰ তামোলৰ গছকে ধৰি বিভিন্ন গছ ভাঙি লণ্ড-ভণ্ড কৰে । গেৰ ধৰা ধান খাই, গচকি নষ্ট কৰি কৃষকৰ আশাৰ সপোন ভাঙি চূৰমাৰ কৰে । বন্যহস্তীৰ ত্ৰাসে এতিয়া চকুৰ টোপনি হৰিছে নুমলগড়বাসীৰ । ওৰে নিশা উজাগৰে থাকি হাতী খেদিবলগীয়া হয়। বন বিভাগে হাতী-মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ।

প্ৰতিদিনে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈ এতিয়া প্ৰাণৰ সংশয়তো ভূগিছে । অকস্মাৎ অহা হাতীৰ জাকে মানুহক আক্ৰমণ কৰাৰ আশংকা আছে । বিগত কেইদিনমান পূৰ্বে নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথত হাতীয়ে মানুহলৈ চোঁচা লোৱাৰ শিহৰণকাৰী দৃশ্য দেখিবলৈও পোৱা গৈছিল । এনে পৰিস্থিতি বন বিভাগেই ৰাইজৰ একমাত্ৰ ভৰসা যদিও বন বিভাগে ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজ । সেয়ে, মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । শীঘ্ৰে বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা নকৰিলে পৰৱৰ্তী সময়ত আন্দোলন তীব্ৰতৰ কৰিব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰে জড়িত 21 গৰাকীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.