ETV Bharat / state

নুমলীগড়ত সত্ৰাধিকাৰ দেহেশ্বৰ বৰাৰ ৭৮ তম জন্ম জয়ন্তী দিৱস পালন - নুমলীগড়

নুমলীগড়ৰ মহাপুৰুষীয়া পালনাম থানত একশৰণ ভাগৱতী সমাজৰ সত্ৰাধিকাৰ দেহেশ্বৰ বৰাৰ ৭৮ তম জন্ম জয়ন্তী দিৱস পালন কৰা হয়। হৰি নামৰ ধ্বনিত মুখৰিত হৈ পৰে পালনাম থানৰ বাকৰি ৷

Satradhikar Deheswar Boras Birth Day Celebration At Golaghat palnam than
নুমলীগড়ত সত্ৰাধিকাৰ দেহেশ্বৰ বৰাৰ ৭৮ তম জন্ম জয়ন্তী দিৱস পালন
author img

By

Published : Apr 24, 2021, 10:03 PM IST

গোলাঘাট, 24 এপ্ৰিল : একশৰণ ভাগৱতী সমাজৰ সত্ৰাধিকাৰ দেহেশ্বৰ বৰাৰ আজি ৭৮ তম জন্ম জয়ন্তী দিৱস ৷ সত্ৰাধিকাৰ গৰাকীৰ জন্ম দিনটোৰ লগত সংগতি ৰাখি শনিবাৰে ভকত বৈষ্ণৱ সকলে গোলাঘাট জিলাৰ নুমলীগড়ৰ মহাপুৰুষীয়া পালনাম থান, ৰংবঙৰ, কিস্তি চৰ্চা সাধন কেন্দ্ৰত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰে ৷

সত্ৰাধিকাৰ গৰাকীৰ জন্মদিন উপলক্ষে থানখনলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু গুণমুগ্ধ আহি উপস্থিত হয় । ইফালে ভকত-বৈষ্ণৱ সকলে চৰকাৰে জাৰি কৰা সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি গুৰুজনাৰ নাম-প্ৰসংগৰে সত্ৰাধিকাৰ গৰাকীৰ জন্ম তিথি পালন কৰে ।

নুমলীগড়ত সত্ৰাধিকাৰ দেহেশ্বৰ বৰাৰ ৭৮ তম জন্ম জয়ন্তী দিৱস পালন

ইফালে অসম চৰকাৰৰ অনুসূচিত জাতি কোষৰ পৰা লাভ কৰা প্ৰায় ৪০ লাখ টকাৰে নিৰ্মাণ হ'বলগীয়া থানখনৰ এটি প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰিছে থান পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে ।

লগতে পঢ়ক-ONGC তিনি বিষয়াৰ অপহৰণ সন্দৰ্ভত আলফা (স্বাধীন)ৰ প্ৰেছ বিবৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.