ETV Bharat / state

ETV Bharat News Impact: বোকাখাতৰ দুই কিশোৰ চিত্ৰশিল্পীক উপহাৰ শিক্ষামন্ত্ৰীৰ - Birthplace of Ranoj Kumar Pegu

বোকাখাতৰ দুই ব্যতিক্ৰমী কিশোৰক উপহাৰ প্ৰদান কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ কুমাৰ পেগুৱে ৷ অষ্টম আৰু নৱম শ্ৰেণীৰ এই দুই ব্যতিক্ৰমী ছাত্ৰ তথা শিল্পীয়ে নিজা খৰচত বোকাখাতখন ৰং-তুলিকাৰে সজাই তোলাৰ চেষ্টা চলাই আহিছে ৷

Etv Bharat News Impact
বোকাখাতৰ দুই কিশোৰ চিত্ৰশিল্পীক উপহাৰ শিক্ষামন্ত্ৰীৰ
author img

By

Published : Jul 30, 2022, 8:54 PM IST

বোকাখাত, 30 জুলাই: বোকাখাতৰ দুই ব্যতিক্ৰমী কিশোৰ । যাৰ চিন্তা চৌপাশ সুন্দৰ আৰু সেউজীয়া কৰাৰ (Bokakhat students wall painting)। সম্পূৰ্ণ নিজা খৰচত বোকাখাতখন ৰং-তুলিকাৰে সজাই তোলাৰ বাতৰি ২৯ জুলাইত প্ৰচাৰ কৰা হৈছিল ই টিভি ভাৰতত (ETV Bharat News Impact)৷

বোকাখাতৰ দুই কিশোৰ চিত্ৰশিল্পীক উপহাৰ শিক্ষামন্ত্ৰীৰ

অষ্টম আৰু নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰ দুগৰাকীৰ এই বাতৰি প্ৰচাৰৰ পাছতে তেওঁলোকৰ কাষত ঠিয় দিছিল বোকাখাতৰ বিভিন্নজনে । কিন্তু এইবাৰ দুয়োজন ছাত্ৰৰ এই মহান প্ৰচেষ্টাৰ খবৰ পালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । শিক্ষামন্ত্ৰীগৰাকী জন্মস্থান বোকাখাতলৈ(Birthplace of Ranoj Kumar Pegu) আহোতে এই প্ৰতিভাধৰ শিল্পী ছাত্ৰৰ কথা শুনি আনন্দিত হৈ আগবঢ়ালে ৰং আৰু আনুসংগিক সামগ্ৰীৰ এটা টোপোলা (Minister Ranoj Pegu gifts for Bokakhat wall painter)।

ইফালে ছাত্ৰ দুজনৰ সফলতা কামনা কৰি বোকাখাতৰ বহু শিক্ষাবিদ আগবাঢ়িল সহায় কৰিবলৈ । উল্লেখ্য যে, সময়ৰ সদব্যৱহাৰ আৰু নিজৰ প্ৰতিভা বিকাশ কৰা ছাত্ৰ দুজন বোকাখাত টাউন হাইস্কুলৰ আয়ুষ্মান ফাংছ' আৰু আৰু বিপ্লৱ পেগু ৷

লগতে পঢ়ক: Exceptional steps of two students : চৰ্চাৰ কেন্দ্ৰ বিন্দু বোকাখাতৰ দুই ছাত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.