ETV Bharat / state

স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড: একেদিনাই প্ৰদান কৰিলে দুটাকৈ ভেকচিন

আজৱ কাণ্ড ৷ একেদিনাই দুটাকৈ ক’ভিড ভেকচিন(Covid Vaccine) প্ৰদান কৰিছে এগৰাকী মহিলাক ৷ তাৰ পাচত কি হ’ল, জানিবলৈ পঢ়ক সম্পূৰ্ণ ঘটনা...

two vaccines provided on the same day at bokakhat
বোকাখাতত একেদিনাই দুটা ভেকচিন প্ৰদান
author img

By

Published : Aug 26, 2021, 9:28 AM IST

বোকাখাত, 26 আগষ্ট : চৰকাৰে সকলো জনসাধাৰণৰ বাবে ক’ভিড ভেকচিন(Covid Vaccine)ৰ ব্যৱস্থা কৰিছে ৷ পঞ্জীয়ন কৰাৰ পাচত দিন আৰু সময় অনুযায়ী প্ৰতিগৰাকী ব্যক্তিক নিৰ্দিষ্ট প্ৰতিষ্ঠানত ভেকচিন প্ৰদান কৰি আছে স্বাস্থ্য বিভাগে(Health Department) ৷

ভেকচিনৰ প্ৰথমটো ড’জৰ পাচত কেইমাহমান সময়ৰ ব্যৱধান ৰাখি দ্বিতীয়টো ড’জ প্ৰদান কৰা হয় ৷ কিন্তু একেলগে এদিনতে দুটা ড’জ দিয়াতো গ্ৰহণযোগ্য নে ? চৰকাৰে ভেকচিন প্ৰদান কৰিলেও বহু ঠাইত এতিয়াও ভেকচিনৰ নাটনি হোৱাৰ তথ্য আমি লাভ কৰো ৷

বোকাখাতত একেদিনাই দুটা ভেকচিন প্ৰদান

তেনেস্থলত কেনেদৰে এদিনতে স্বাস্থ্য বিভাগে প্ৰদান কৰিলে দুটাকৈ ভেকচিন? আমি ক’ব খোজা এনে আজৱ কাণ্ডটোৰ বিষয়ে শুনিলে এনে ধৰণৰ প্ৰশ্ন আপোনাৰ মনতো নিশ্চয়কৈ উদয় হ’ব ৷ নহয়নে ?

লগতে পঢ়ক : চিকিৎসালয়লৈ আহি 9 মাহে সন্ধানহীন ৰঙিয়াৰ পাপৰি দাস

এতিয়া আহো মূল ঘটনালৈ ৷ স্বাস্থ্য বিভাগৰ এনে অনুৰূপ ঘটনা সংঘটিত হৈছে বোকাখাতত ৷ মঙলবাৰে এগৰাকী মহিলাক একেদিনাই প্ৰদান কৰা হ’ল দুটাকৈ ভেকচিন ৷ বোকাখাতৰ ৰাজবাৰীৰ নেপালীখুটি বনোৱা প্ৰাথমিক বিদ্যালয়ৰ ক’ভিড কেন্দ্ৰত সংঘটিত হৈছে এনে কাণ্ডজ্ঞানহীন ঘটনা ৷

প্ৰাপ্ত তথ্য অনুসৰি, মিনু কাহাৰ নামৰ মহিলাগৰাকীয়ে ভেকচিন গ্ৰহণ কৰিবলৈ কেন্দ্ৰটোত উপস্থিত হোৱাৰ পাচত প্ৰথমে এগৰাকী নাৰ্চে প্ৰথমটো ভেকচিন প্ৰদান কৰে ৷ কিন্তু কিছুসময়ৰ পাচতে অন্য এগৰাকী নাৰ্চ আহি পুনৰ ভেকচিন প্ৰদান কৰে মহিলাগৰাকীক ।

মহিলাগৰাকীয়ে দ্বিতীয়টো ভেকচন দিবলৈ অহা নাৰ্চক ইতিমধ্যে ভেকচিন লোৱা কথাটো অৱগত কৰিছিল যদিও নাৰ্চে কোনো গুৰুত্ব নিদি একেদিনাই দুটাকৈ ভেকচিন প্ৰদান কৰে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত মহিলাগৰাকীয়ে জ্বৰত আক্ৰান্ত হৈ শাৰীৰিকভাৱে দুৰ্বল হোৱা বুলি জানিব পৰা গৈছে ।

স্বাস্থ্য বিভাগৰ এনে কাণ্ডই এতিয়া শংকিত কৰি তুলিছে বোকাখাতবাসীক । শক্তিশালী ভেকচিন এবাৰ গ্ৰহণ কৰাৰ পাচতে মানুহৰ দেহত কিছু পৰিমাণে হ’লেও প্ৰভাৱ পেলায় ৷ তেনে ক্ষেত্ৰত একেলগে প্ৰদান কৰা দুটা ভেকচিনে মহিলাগৰাকীৰ দেহত কি প্ৰভাৱ পেলাব পাৰে, সেয়া এক ভাবিবলগীয়া কথা ৷ ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগৰ স্বাস্থ্যকৰ্মীৰ এনে কাণ্ডজ্ঞানহীন কৰ্মই ভেকচিন গ্ৰহণকাৰীসকলক নিশ্চয়কৈ সংকটত পেলাব ৷

লগতে পঢ়ক: মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নন্দিতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.