ETV Bharat / state

চিকিৎসাৰ বাবে সহায়ৰ আহ্বান বৰপথাৰৰ এগৰাকী সংগীত শিল্পীৰ - সহায়

বৰপথাৰৰ তাপস প্ৰতীম বৰা নামৰ শিল্পীগৰাকীক এতিয়া প্ৰয়োজন ৰাইজৰ সহায়ৰ ৷ দীৰ্ঘদিনে ৰোগাক্ৰান্ত শিল্পীগৰাকীৰ চিকিৎসাৰ বাবে মজুত নাই পৰ্যাপ্ত ধন ৷ তদুপৰি এইক্ষেত্ৰত চৰকাৰৰ সহায়-সহযোগিতা লাভ কৰা নাই শিল্পীগৰাকীয়ে ৷

An artist needs help for his treatment
চিকিৎসাৰ বাবে সহায় আহ্বান শিল্পীৰ
author img

By

Published : Jul 7, 2020, 1:50 PM IST

সৰুপথাৰ,7 জুলাই: গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ এগৰাকী সংগীত শিল্পী ৷ বৰপথাৰৰ শিল্পী গৰাকী হৈছে তাপস প্ৰতীম বৰা ৷ 1983 চনৰ পৰাই সংগীতৰ সৈতে জড়িত শিল্পীগৰাকীয়ে বৰ্তমান ভূগিছে তীব্ৰ আৰ্থিক সংকটত ৷ কিয়নো সম্প্ৰতি ৰোগত আক্ৰান্ত শিল্পীগৰাকীৰ নাই চিকিৎসাৰ বাবে পৰ্যাপ্ত ধন ৷ আনকি এসাঁজ ভাতৰ বাবে শিল্পীগৰাকীৰ হাতত জমা নাই কোনো ধন ৷ তদুপৰি শিল্পীগৰাকীয়ে আজিকোপতি লাভ কৰা নাই কোনো সাহায্য় বাব চৰকাৰৰ ফালৰ পৰা সঁহাৰি ৷ ফলত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বৰপথাৰৰ শিল্পী তাপস প্ৰতীম বৰা ৷

চিকিৎসাৰ বাবে সহায় আহ্বান শিল্পীৰ

উল্লেখ্য যে,সুদীৰ্ঘ সময়ৰ পৰা শিল্পীগৰাকীৰ দখল আছিল সাংস্কৃতিক জগতখনৰ লগতে সংগীত জগতত ৷ প্ৰায় সকলো প্ৰকাৰৰ বাদ্যযন্ত্ৰ বজাব জনা শিল্পীগৰাকীয়ে ন-শিকাৰুসকলক দীৰ্ঘদিনে সংগীতৰ লগতে বাদ্য়যন্ত্ৰৰ শিক্ষা প্ৰদান কৰি আহিছিল ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ জৰিয়তে ৷ অসমৰ বিশিষ্ট সংগীত শিল্পী তথা পৰিচালক জেপি দাস, অৰুণ দাস আৰু সন্ধ্যা মেননৰ দৰে শিল্পীসকলে তাপস বৰাৰ দ্বাৰা ৰচিত বহুকেইটা গীতত কণ্ঠদান কৰিছিল ৷ এয়া আছিল প্ৰায় 1993-94 চনৰ কথা ৷ ইয়াৰোপৰি মহানগৰীস্থিত ষ্টুডিঅ’ ড্ৰীমছৰ স্বত্বাধিকাৰী তথা সুকণ্ঠী গায়িকা তৰালি শৰ্মাৰ স্বামী ফণীন্দ্ৰ বৰদলৈৰ একালৰ প্ৰিয় শিষ্য এইগৰাকী শিল্পী ৷ প্ৰায় 27 বছৰে সংগীত ক্ষেত্ৰত জড়িত তাপস প্ৰতীম বৰাই কিন্তু অৱহেলিত হৈ আহিছে ৰজাঘৰীয়াৰ দ্বাৰা ৷

শিল্পীগৰাকীয়ে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰসমূহ এতিয়া এলাগী হৈ ৰৈছে ঘৰৰ চুকত ৷ পূৰ্বে ছাত্ৰ-ছাত্ৰীক বাদ্যযন্ত্ৰৰ শিক্ষা প্ৰদানেৰে শিল্পীগৰাকীয়ে যি ধন উপাৰ্জন কৰিছিল,এতিয়া ৰোগাক্ৰান্ত হোৱাৰ পিছত শিল্পীগৰাকীৰ সেই উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে ৷ ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰীগৰাকী ৰোগাক্ৰান্ত হোৱাত পৰিয়ালটোৰ মাজত সৃষ্টি হৈছে যথেষ্ট আৰ্থিক অনাটনৰ ৷ উল্লেখ্য যে, ধনশিৰি মহকুমাটোৰ দুই-এক শুভাকাংক্ষীয়ে শিল্পীগৰাকীক মাজে-সময়ে সহায়ৰ হাত আগবঢ়াই যদিও সেয়া পৰ্যাপ্ত নহয় ৷ বৰ্তমান চিকিৎসাৰ বাবে ধনৰ প্ৰয়োজন হোৱা শিল্পীগৰাকীয়ে সদাশয় ৰাইজৰ পৰা সহায়ৰ হাত বিচাৰিছে ৷ কোনো লোকে শিল্পীগৰাকীক সহায় কৰিব বিচাৰিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে ৷ শিল্পীগৰাকীৰ একাউণ্ট নম্বৰ হৈছে- 36220603105 IFSC: SBIN0002123,সৰুপথাৰ শাখা । উল্লেখ্য যে,ৰাজ্য় চৰকাৰে বিভিন্ন সময়ত শিল্পীসকলৰ সুবিধাৰ বাবে বিভিন্ন আঁচনি মুকলি কৰিছে যদিও এইসকল শিল্পী এতিয়াও সেই তালিকাত অন্তৰ্ভূক্ত হোৱা নাই ৷

লগতে চাওকঃ ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সেউজীকৰণ প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.