গোলাঘাট,15 আগষ্ট : স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱস আহিলেই আনন্দত আত্মহাৰা হোৱা বোকাখাত লখৌজানৰ এজন অৱসৰপ্ৰাপ্ত সেনা জোৱান ৷ এনেধৰণৰ বিশেষ দিন আহিলেই থৌকিবাথৌ হয় অৱসৰপ্ৰাপ্ত সেনা জোৱানজনৰ মন ৷ ওৱলি যোৱা সেনাৰ পোচাক যোৰ পিন্ধি নিজ ঘৰতে তেওঁ বিশেষভাৱে উদযাপন কৰে দেশৰ বিশেষ দিনবোৰ ৷ 1971 চনৰ ভাৰত-পাকিস্তান যুদ্ধত এক বিশেষ ভূমিকা পালন কৰি পাকিস্তানী সেনাৰ হাতত বন্দী হৈছিল এই গৰাকী প্ৰাক্তন সেনা জোৱান ৷
এই সেনা জোৱানজনৰ নাম আনন্দ দাস ৷ 1968 চনত সেনা বাহিনীত যোগদান কৰিছিল আনন্দ দাসে ৷ 1971 চনত 5 নং অসম ৰেজিমেন্টৰ কেডাৰ হিচাপে নিযুক্ত হৈছিল তেওঁ ৷ 1971 চনৰ শেষৰ ফালে ভাৰত-পাকিস্তানৰ মাজত হোৱা যুদ্ধৰ সময়ত ৰেজিমেন্টৰ MMG গানাৰ-1 আছিল আনন্দ দাস ৷ 9 দিন ধৰি চলা যুদ্ধৰ পিছত পাকিস্তানী সেনাৰ হাতত বন্দী হৈছিল এই প্ৰাক্তন সেনা জোৱান গৰাকী ৷ ইয়াৰ পাছতে পাকিস্তানৰ লাইলপুল কাৰাগাৰৰ 323 নম্বৰ কয়দী হিচাপে আছিল এইজন আনন্দ দাস ৷
উল্লেখ্য যে,ভাৰতীয় সেনাই দাসৰ লগতে আন বন্দী হোৱা সেনা সকলৰ সন্ধান নোপোৱাত যুদ্ধত নিহত হোৱা বুলি সন্দেহ কৰিছিল ৷ পাকিস্তানৰ লাইলপুল কাৰাগাৰত 2 বছৰ থকাৰ পিছত চিমলা চুক্তিৰ ফলশ্ৰুতিত মুক্তি পাইছিল আনন্দ দাসসহ আন ভাৰতীয় জোৱান সকলে ৷
লগতে পঢ়কঃ স্বাধীনতা দিৱসত অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ দহটা আহ্বান...
1988 চনতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো আজিও 15 আগষ্ট, 26 জানুৱাৰীত উঁৱলি যোৱা সেনাৰ পোচাকযোৰ পিন্ধি থাকে আনন্দ দাসে ৷ আজিও তেওঁ বুকুত সজীৱ কৰি ৰাখিছে ভাৰত-পাকিস্তান যুদ্ধ তথা পাকিস্তানৰ লাইলপুল জেলৰ বন্দীত্বৰ স্মৃতি ৷ অৱসৰ গ্ৰহণ কৰা 33 বছৰৰ পিছটো তেওঁ সযতনে ৰাখিছে নিজৰ পোছাকযোৰৰ লগতে ভাৰত চৰকাৰে প্ৰদান কৰা মেডেল আৰু মানপত্ৰ ৷ 15 আগষ্ট আহিলেই পোছাকযোৰ পিন্ধি ব্যক্তিজনে নিজৰ দিন হিচাপে উৎযাপন কৰে এই বিশেষ দিনটো ৷
কিন্তু একমাত্ৰ চৰকাৰী পেঞ্চনটোৰ দিয়াৰ বাদে আজিলৈকে নিজৰ দেশৰ প্ৰতি অকৃত্ৰিম ভালপোৱা থকা এই বীৰ জোৱানজনৰ খবৰ ল’বলৈ আহৰি নহ’ল চৰকাৰ তথা সেনাবিভাগৰ ৷ প্ৰশ্ন হয়, দেশৰ বাবে সেৱা আগবঢ়োৱা এনে জোৱান সকলক উচিত সন্মান প্ৰদান কৰিছেনে চৰকাৰ তথা প্ৰশাসনে ?
লগতে পঢ়কঃ কেপ্টেইন দেৱাংগভূষণ দাসলৈ সামৰিক বাহিনীৰ মুৰব্বীৰ প্ৰশংসাসূচক সন্মান