বোকাখাত, 23 জুলাই: বোকাখাতৰ লতাবাৰীৰ শান্তিঘাট শ্মশানৰ এটা অংশত বোকাখাত পৌৰসভাই ডাম্পিং গ্ৰাউণ্ডৰ নামত আৱন্টন দিছিল ৫ বিঘা মাটি ৷ ২০১৬-১৭ বৰ্ষতে বোকাখাত পৌৰসভাই আৱন্টন দিয়া ৫ বিঘা মাটিত বোকাখাত পৌৰসভাই পেলোৱা জাৱৰসমূহ নিস্কাষণৰ বাবে নুমলীগড় শোধনাগাৰৰ সামাজিক দায়ৱদ্ধতা উন্নয়ণ পুঁজিৰ দ্বাৰা ডাম্পিং গ্ৰাউণ্ডৰ লগতে জাৱৰ নিস্কাষণ, বিদ্যুৎ সংযোগ, সৌন্দৰ্য বৰ্ধন, পথ মেৰামতি, ফুলনি বাগিছা আৰু পথ নিৰ্মাণৰ বাবে তিনিটা পৰ্যায়ত গোলাঘাটৰ দৰ্শন গোহাঁই আৰু গোলাঘাট মৰঙীৰ জ্যোতিময়ী বৰদলৈয়ে লাভ কৰিছিল ১ কোটি ৫২ লাখ ৭৪ হাজাৰ ৩৩৭ টকা ৫৫ পইচা ৷
কিন্তু দুই ঠিকাদাৰে মিলি নিম্নমানৰ কামেৰে সমুদায় টকা লুটিপুটি খোৱাৰ অভিযোগ ৷ কাম সম্পূৰ্ণ হোৱা দেখুৱাই নিৰ্ধাৰিত মূল্যৰ কোনো ফলক নলগালে কাম কৰা উক্ত স্থানত ৷ দুই ঠিকাদাৰে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ লগতে শান্তিঘাট শ্মশানৰো উন্নয়ণ কৰিম বুলি মৌখিক প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্যন্ত শান্তিঘাট শ্মশানৰ উন্নয়ণৰ নামত একো কাম নকৰাৰ উঠিছে অভিযোগ ৷ এই বিষয়ত কোনো তথ্য নাই শান্তিঘাট শ্মশান সমিতিৰ হাতত ৷
ইফালে বোকাখাতৰ এগৰাকী জ্যেষ্ঠ সংবাদকৰ্মীয়ে সমগ্ৰ আঁচনিৰ তথ্য বিচাৰি নুমলীগড় শোধনাগাৰত এখন আৰ টি আই দাখিল কৰে৷ নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই আৰ টি আই তথ্যৰ উত্তৰ লাভ কৰাৰ পাছতে সকলোৰে চকু কপালত উঠিছে ৷ নিম্নমানৰ কামৰ লগতে কাম সম্পূৰ্ণ নোহোৱাকৈয়ে কাম সম্পূৰ্ণ হোৱা দেখুৱাই ঠিকাদাৰে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ, জাৱৰ নিস্কাষণ আদিৰ নামত সমুদায় আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহে ৷
দৰ্শন গোহাঁইয়ে ৯৩ লাখ ৯৮ হাজাৰ ৫২ টকা ২৫ পইচা আৰু জ্যোতিময়ী বৰদলৈ নামৰ ঠিকাদাৰজনক সৌন্দৰ্য বৰ্ধন, ফুলনি বাগিছা, পথ মেৰামতি আৰু পথ নিৰ্মাণৰ নামত ৪৩, লাখ ১৫ হাজাৰ ২৮৫ টকা ৩০ পইচা সম্পূৰ্ণ আদায় দিয়াৰ লগতে বৈদ্যুতিক সংস্থাপনৰ নামত ১৫ লাখ ৬১ হাজাৰ টকা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক আদায় দিয়া দেখুৱায় ৷
কিন্তু ডাম্পিং গ্ৰাউণ্ড আৰু সৌন্দৰ্য বৰ্ধন, ফুলনি বাগিছা নিৰ্মাণ আৰু বৈদ্যুতিক সংস্থাপন নোহোৱাকৈয়ে কিদৰে ইমান মোটা অংকৰ ধন শোধনাগাৰ কৰ্তৃপক্ষৰ পৰা দুই ঠিকাদাৰে উলিয়াই নিলে সেয়া লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ সংবাদকৰ্মী ভৱানন্দ কলিতা আৰু জিতু শৰ্মা ৰাজখোৱাই ৷ এই বিষয়ে আৰ টি আই দাখিল কৰা তথ্যৰ ভিত্তিত সংবাদকৰ্মী দুগৰাকীয়ে এক উচিত তদন্ত দাবী কৰিছে ৷ আনফালে এই সমগ্ৰ কেলেংকাৰীৰ বিষয়ে অজ্ঞাত বোকাখাত পৌৰসভা, বোকাখাত মহকুমা প্ৰশাসন ৷
লগতে পঢ়ক: Tense situation in Hojai : সমবায় পুঁজিৰ নামত ধন সংগ্ৰহৰ অভিযোগ সম্পাদকৰ বিৰুদ্ধে