ETV Bharat / state

Masters Athletics Championship 2022: ৮ ডিচেম্বৰৰ পৰা বোকাখাতত সদৌ অসম মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতা

author img

By

Published : Nov 26, 2022, 2:17 PM IST

৮ ডিচেম্বৰৰ পৰা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব ২৮ সংখ্যক সদৌ অসম মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতা (All Assam Masters Athletics Championship 2022)। বোকাখাত মাষ্টাৰ্চ এথলেটিকচ সন্থাই সংবাদমেলযোগে খেলৰ প্ৰস্তুতিৰ কথা জনাইছে । ৰাজ্যৰ মুঠ ১,৪০৫ গৰাকী প্ৰবীণ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।

Bokakhat
বোকাখাতত সদৌ অসম মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতা

বোকাখাত,২৬ নৱেম্বৰ : বোকাখাতত অহা ৮ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব ২৮ সংখ্যক সদৌ অসম মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতা ২০২২ (All Assam Masters Athletics Championship 2022)। বোকাখাতৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা । ৮ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ চলিব এই ২৮ সংখ্যক সদৌ অসম মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতা (Masters Athletics Championship in Bokakhat)।

সংবাদমেলযোগে বোকাখাত মাষ্টাৰ্চ এথলেটিকচ সন্থাই এই কথা প্ৰকাশ কৰে । সন্থাই জনোৱা মতে ৰাজ্যৰ মুঠ ১,৪০৫ গৰাকী প্ৰবীণ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । মুঠ ২৫ টা ইভেণ্টত খেল অনুষ্ঠিত হ'ব । পুৰুষ খেলুৱৈ ৭৯৯ গৰাকী আৰু মহিলা ৬০৬ গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিব মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতা ।

ৰাজ্যৰ ৩৩ খন জিলাৰ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি সন্থাই জনাইছে । ৮ ডিচেম্বৰৰ উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ সম্ভাৱনা আছে । উদ্বোধনী অনুষ্ঠানৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলাইছে বোকাখাত মাষ্টাৰ্চ এথলেটিকচ সন্থাই । যাৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত বিভিন্ন ধৰণৰ অনুশীলনো অব্যাহত আছে ।

বিভিন্ন বিদ্যালয় লগতে অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিকসকলে কুচকাৱাজৰ অনুশীলন কৰি থকা দেখা গৈছে । ইফালে জিলাখনৰ প্ৰবীণ খেলুৱৈসকলেও খেলপথৰাত বিভিন্ন খেলৰ অনুশীলনত ব্যস্ত হৈ পৰিছে । বোকাখাত মাষ্টাৰ্চ এথলেটিকচ সন্থাই জনোৱা মতে বিভিন্নজনৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠানে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে সহযোগ কৰিছে ।

ইফালে বিভিন্ন জিলাৰ পৰা অহা প্ৰবীণ খেলুৱৈসকলৰ অপ্যায়নৰ বাবে সন্থাই বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে । সন্থাই জনোৱা মতে ৰাজ্যৰ বহু তাৰকা প্ৰবীণ খেলুৱৈয়েও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । জানিব পৰা মতে ৰাজ্যিক মাষ্টাৰ্চ এথলেটিকচ সন্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিতিও এই অনুষ্ঠানতে গঠন কৰা হ'ব । মুঠতে ক্ৰীড়াৰ ৰাজধানীত পৰিণত হৈছে বোকাখাত । শ শ ক্ৰীড়াবিদৰ আগমন ঘটিব বোকাখাতলৈ । ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগেও এই প্ৰতিযোগিতাৰ বাবে সহযোগিতা আগবঢ়াইছে ।

লগতে পঢ়ক :Majuli music festival: মাজুলী মিউজিক ফেষ্টিভেল 2022ৰ তৃতীয় সংস্কৰণৰ আৰম্ভণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.