ETV Bharat / state

অজন্তা হাটাও, কংগ্ৰেছ বাচাও ধ্বনিৰে উত্তাল গোলাঘাটৰ কংগ্ৰেছ কাৰ্যালয় - প্ৰাক্তন বিধায়ক তথা AICC ৰ সম্পাদক

অজন্তা হাটাও, কংগ্ৰেছ বাচাও ধ্বনিৰে উত্তাল গোলাঘাটৰ কংগ্ৰেছ কাৰ্যালয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গঠিত কৰি দিয়া দলৰ সন্মুখতে তৃণমূল কংগ্ৰেছ কৰ্মীয়ে দিলে অজন্তা হাটাও ধ্বনি। অজন্তা নেওগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰ'ট'কল ভংগ কৰি লগ কৰাৰ অপৰাধত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা ইতিমধ্যে অপসাৰণ কৰিছে।

অজন্তা হাটাও, কংগ্ৰেছ বাচাও ধ্বনিৰে উত্তাল গোলাঘাটৰ কংগ্ৰেছ কাৰ্যালয়

author img

By

Published : Dec 19, 2020, 4:21 PM IST

গোলাঘাট,19 ডিচেম্বৰঃ গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয় উত্তাল হ'ল অজন্তা হাটাও ধ্বনিৰে । শুকুৰবাৰে জিলা সভাপতি অজন্তা নেওগক অপসাৰণ কৰাৰ পিছত শনিবাৰে গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গঠন কৰি দিয়া এটা বিশেষ দল। প্ৰাক্তন বিধায়ক তথা AICC ৰ সম্পাদক ৰাণা গোস্বামীৰ নেতৃত্বত অহা বিস্মিতা গগৈ, বিধায়ক জাকিৰ হুছেইন চিকদাৰ, জ্যেষ্ঠ কংগ্ৰেছী নেতা হিৰণ্য বৰা, ব্ৰজেন সন্দিকৈ সহ পাঁচজনীয়া এটা বিশেষ দল গোলাঘাট জিলা কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ লগত আলোচনাত মিলিত হয়।

অজন্তা হাটাও, কংগ্ৰেছ বাচাও ধ্বনিৰে উত্তাল গোলাঘাটৰ কংগ্ৰেছ কাৰ্যালয়

ইপিনে আলোচনাৰ অন্তত সাংবাদিকৰ প্ৰশ্নত দলপতি ৰাণা গোস্বামীয়ে সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত গোলাঘাটত কংগ্ৰেছৰ ভেটি শক্তিশালী হ’ব বুলি স্পষ্ট কৰে। কংগ্ৰেছৰ পৰা বহিষ্কৃত ৰাজদ্বীপ গোৱালা এতিয়া কোন দলত যায়, সেইয়া কংগ্ৰেছৰ বাবে বিচাৰ্যৰ বিষয় নহয় বুলি কয় ৰাণা গোস্বামীয়ে। গোলাঘাটত বিশেষ দলটোৱে অজন্তা নেওগৰ বিজেপি গমনে কংগ্ৰেছৰ কোনো ক্ষতি নকৰে বুলি হুংকাৰ দিলেও বাস্তৱ ছবিখন কিছু বিপৰীত। ইপিনে বিজেপিৰ গমনৰ চৰ্চাত থকা বিধায়িকা ৰ'জলীনা তিৰ্কী লক্ষ্যণীয়ভাৱে উপস্থিত নাছিল কংগ্ৰেছ কাৰ্যালয়ত।

লগতে পঢ়কঃ কৃষক বিদ্ৰোহক লৈ প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ চিদাম্বৰমৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.