গোলাঘাট, 11 এপ্ৰিলঃ গোলাঘাটৰ শগুনপাৰাত শাক-পাচলিৰ খেতি পৰিদৰ্শন কৰে ৰাজ্যিক কৃষিমন্ত্ৰী অতুল বৰাই । লক ডাউনৰ ফলত কৃষকসকলে খেতি কৰা বিভিন্ন শাক পাচলি পথাৰতে গেলিবলৈ আৰম্ভ কৰিছে । বজাৰত বিক্ৰীৰ বাবে কোনো সুবিধা নাই কৃষকসকলৰ । যাৰ বাবে শাক পাচলিসমূহ নৈত উটুৱাই দিছে কৃষকসকলে । ফলত লক্ষাধিক টকাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে কৃষকসকল । গোলাঘাটৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোডী আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া সকলৰ সৈতে শগুনপাৰাত উপস্থিত হৈ কৃষিমন্ত্ৰী গৰাকীয়ে, কৃষকৰ ফচল সমূহ বিক্ৰীৰ ব্যৱস্থা কৰি দিবলৈ নিৰ্দেশ প্ৰদান কৰে জিলা প্ৰশাসনক । লগতে শাক পাচলিসমূহ জিলাখনৰ বাহিৰলৈ বিক্ৰীৰ বাবে পঠিওৱাৰ ব্যৱস্থা কৰি, কৃষক সকলক তাৰ উচিত মূল্য পোৱাৰ সুবিধা কৰি দিবৰ বাবেও নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই ।
লগতে পঢ়কঃ লক্ ডাউন : পথাৰত উৱঁলিছে কৃষকৰ সপোন !