ETV Bharat / state

গাভৰু চাপৰিত কৃষি বিপ্লৱৰ সূচনা কৃষি মন্ত্ৰী অতুল বৰাৰ - Community Development Project

হাতে কামে খেতি পথাৰত নামিল কৃষি মন্ত্ৰী অতুল বৰা(Agricultural revolution in Bokakhat) । যন্ত্ৰচালিত নাৱেৰে চাপৰিয়ে চাপৰিয়ে ঘূৰি কৃষি কাৰ্যত উৎসাহ যোগালে নৈপৰীয়া কৃষকক । "সমূহীয়া উন্নয়ন প্ৰকল্প"ৰ (Community Development Project) অংশস্বৰূপে দেওবাৰে আৰম্ভ কৰে বীজ সিঁচা পৰ্ব ।

agricultural revolution of atul borah in bokakhat
বোকাখাতৰ গাভৰু চাপৰিত কৃষি মন্ত্ৰী অতুল বৰাৰ কৃষি বিপ্লৱৰ সূচনা
author img

By

Published : Sep 5, 2022, 6:41 PM IST

বোকাখাত,৫ ছেপ্তেম্বৰ: গৰুখুঁটিৰ আৰ্হিত বোকাখাতৰ গাভৰু চাপৰিত কৃষি বিপ্লৱৰ সূচনা কৃষি মন্ত্ৰী অতুল বৰাৰ (Agricultural revolution in Bokakhat) । "সমূহীয়া উন্নয়ন প্ৰকল্প"ৰ জৰিয়তে কৃষি বিপ্লৱ আৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে । এনে প্ৰকল্পই উৎপাদনমুখী ক্ষেত্ৰলৈ কৃষি ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । "সমূহীয়া উন্নয়ন প্ৰকল্প(Community Development Project)" অংশস্বৰূপে দেওবাৰে প্ৰকল্পৰ অধীনত চহলা চাপৰি আৰু গাভৰু চাপৰিত চন পৰি থকা ২৫০০ বিঘা উৰ্বৰা মাটিত মাটিমাহৰ বীজ সিঁচা কাৰ্যৰ শুভাৰম্ভ কৰে কৃষি মন্ত্ৰী অতুল বৰাই ।

লগতে কৃষকসকলৰ সৈতে ট্ৰেক্টৰেৰে মাটি চহ কৰাও দেখা গ'ল মন্ত্ৰীগৰাকীক । এনে প্ৰকল্পই বোকাখাতৰো কৃষি আৰু আনুষংগিক ক্ষেত্ৰলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । তদুপৰি, এই প্ৰকল্পৰ জৰিয়তে বোকাখাতৰ কৃষকসকলে অনাগত সময়ত উৎপাদনমুখী কামত জড়িত হৈ স্ব-নিয়োজনৰ বাট মুকলি কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি শক্তিশালী কৰিবলৈও সক্ষম হ'ব অতুল বৰাই উল্লেখ কৰে ।

বোকাখাতৰ গাভৰু চাপৰিত কৃষি মন্ত্ৰী অতুল বৰাৰ কৃষি বিপ্লৱৰ সূচনা

আগন্তুক সময়ত এই প্ৰকল্পৰ সম্প্ৰসাৰণৰ জৰিয়তে ইয়াক বৃহৎ প্ৰকল্প হিচাপে গঢ়ি তোলা হ'ব বুলি মত পোষণ কৰে মন্ত্ৰীগৰাকীয়ে । উক্ত কাৰ্যসূচীত কৃষি মন্ত্ৰীগৰাকীক সংগ দিয়ে অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক শ্ৰী অনন্তলাল জ্ঞানী, উদ্যান শস্য বিভাগৰ সঞ্চালক শ্ৰী ত্ৰিৰংগ ভাৰতীয় বৰা, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, পিএম-কিষাণৰ ৰাজ্যিক ন'ডেল বিষয়া শ্ৰী দেৱজিৎ নেওগ, কৃষি বিভাগৰ উপ সঞ্চালক শ্ৰী খগেন শৰ্মা, এছডিঅ' শ্ৰী হৰেন তালুকদাৰ, বোকাখাতৰ চক্ৰ বিষয়া শ্ৰী সৌভিক দত্ত, জিলা কৃষি বিষয়া শ্ৰী ৰঞ্জিত শৰ্মা, পশুপালন বিষয়া ডাঃ সত্য দত্ত চৌধুৰী প্ৰমুখ্যে বিভিন্ন দায়িত্বত থকা বিষয়াৰ লগতে পঞ্চায়তৰ প্ৰতিনিধিসকলে ।

লগতে পঢ়ক: সৰিয়হৰ ডুলিতেই ভূত থকাৰ উমান অসম আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.