ETV Bharat / state

এইবাৰ গোলাঘাটত সমাজে বহিস্কাৰ কৰিলে এটা পৰিয়ালক - Rashmi Dutta

ইছলামধৰ্মালম্বী এজন যুৱকে পলুৱাই নি হত্যা কৰিছিল হাতীয়েখোৱা গাঁৱৰ ৰশ্মি দত্ত নামৰ এগৰাকী বোৱাৰীক ৷ ঘটনাৰ পাছতে নামঘৰত ৰাইজমেল পাতি দুৰ্ভগীয়া ৰশ্মিৰ পৰিয়ালক তিনি বছৰৰ বাবে সমাজ বহিস্কাৰ কৰিলে ৰাইজে ৷

এইবাৰ গোলাঘাটত সমাজে বহিস্কাৰ কৰিলে এটা পৰিয়ালক
author img

By

Published : Oct 18, 2019, 9:39 PM IST

গোলাঘাট,18 অক্টোবৰ: এইবাৰ গোলাঘাটতত সংঘটিত হৈছে এক সামাজিক বৰ্জন কাণ্ড ৷ আন ধৰ্মৰ যুৱকৰ সৈতে পৰকীয়া প্ৰেমৰ অভিযোগত গোলাঘাটৰ হাতীয়েখোৱা গাঁৱত ৰাইজে তিনিবছৰৰ বাবে বৰ্জন কৰিলে এটা পৰিয়ালক ৷ ঘটনা অনুসৰি একে গাঁৱৰে ৰশ্মি দত্ত নামৰ এগৰাকী বোৱাৰীৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল গোলাঘাট মইনাপাৰাৰ ইজাজুল আলি নামৰ এজন ইছলামধৰ্মী যুৱকৰ ৷ যাৰ পৰিণতি স্বৰপে যোৱা ২৪ ছেপ্টেম্বৰত ৰশ্মিক পলুৱাই লৈ গৈছিল ইজাজুল আলি নামৰ অবৈধ প্ৰেমিকজনে ৷ কিছুদিন পাছতে ৰশ্মি দত্তক হত্যা কৰিছিল অভিযুক্ত ইজাজুল আলি নামৰ যুৱকজনে ৷ যোৱা 1 অক্টোবৰত ফৰকাটিংৰ শিঙিজান পথাৰত স্থানীয় লোকে অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰে ৰশ্মি দত্তৰ মৃতদেহ ৷ উক্ত ঘটনাৰ কথা পোহৰলৈ অহাত আৰক্ষীয়ে ভণ্ড প্ৰেমিক ইজাজুলক গ্ৰেপ্তাৰ কৰি জেৰা চলাই য'ত ইজাজুলে ৰশ্মিক হত্যা কৰাৰ কথা স্বীকাৰ কৰে ৷ আৰক্ষীয়ে ৰশ্মিৰ মৃতদেহ পৰিয়ালক চমজাই দিয়াত হাতীয়েখোৱা গাঁৱৰ ৰাইজে মিলি মৃতদেহটো সৎকাৰ কৰে যদিও ইয়াৰ পাছতে ৰাইজৰ লেঠা লাগে ৷

গোলাঘাটতত সংঘটিত হৈছে সামাজিক বৰ্জনৰ ঘটনা

লগে লগেই হাতীয়েখোৱা গাঁৱৰ ৰাইজে নামঘৰত ৰাইজমেল পাতি ইছলামধৰ্মী লোকৰ সৈতে পৰকীয়া প্ৰেম কৰি মৃত্যু হোৱা ৰশ্মি দত্তৰ পৰিয়ালৰ লগতে খুড়াকৰ পৰিয়ালকো তিনিবছৰৰ বাবে সমাজৰ পৰা বহিস্কাৰ কৰাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইফালে মৃত ৰশ্মিৰ তিলনীৰ দিনা গাঁৱৰ ৰাইজ উপস্থিত নোহোৱাত এই বিষয়ে অৱগত হয় দুৰ্ভগীয়া পৰিয়ালটোৱে যাৰ ফলত এতিয়া ৰশ্মি দত্তৰ তিলনী,দহা,শ্ৰাদ্ধ আদি সম্পন্ন কৰাৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে পৰিয়ালটো ৷ একৈশ শতিকাৰ বিজ্ঞান-প্ৰযুক্তিৰ যুগটো এইদৰে ধৰ্ম আৰু প্ৰেমক সাঙুৰি এটা পৰিয়ালক সমাজত একলশৰীয়া কৰি তোলাটো কিমান যুক্তি সংগত তাক লৈ এতিয়া গোলাঘাটৰ সচেতন মহলত প্ৰশ্নৰ অৱতাৰণা হৈছে ৷ শেষত অসহায় পৰিয়ালটোৱে সাংবাদিকৰ যোগেদি গাঁৱবাসীয়ে তেওঁলোকৰ ওপৰত আৰোপ কৰা সমাজিক বহিস্কাৰ উঠাই ল'বলৈ অনুৰোধ জনাইছে ৷ উল্লেখযোগ্য যে,হাতীয়েখোৱাৰ এটা বিস্কুট কাৰখানাত ৰশ্মি দত্তৰে একেলগে কাম কৰিছিল ইজাজুল আলিয়ে ৷ প্ৰায় ডেৰ বছৰৰ পৰা দুয়োৰে মাজত আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক ৷

Intro:গোলাঘাটত পুনৰ সামাজিক বৰ্জনৰ বলী হব লগীয়া হল অন্য এটা পৰিয়াল। মৃতকৰ তিলনী, দহা, সকামলৈ নাহে গাঁওবাসী। হাতীয়েখোৱা গাঁৱৰ ৰাইজে এনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ পিছত চৰম মানসিক অশান্তিত ভূগিছে দুৰ্ভগীয়া পৰিয়ালটো। এজন ইছলাম ধৰ্মৰ লোকে হিন্দু ধৰ্মৰ মহিলা এগৰাকীক পলুৱাই নি হত্যা কৰা ঘটনাৰ পিছত ৰাইজে নামঘৰত ৰাইজমেল পাতি তিনি বছৰলৈ পৰিয়ালটোক বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে।Body:গোলাঘাটত পুনৰ সামাজিক বৰ্জনৰ বলী হব লগীয়া হল অন্য এটা পৰিয়াল। মৃতকৰ তিলনী, দহা, সকামলৈ নাহে গাঁওবাসী। হাতীয়েখোৱা গাঁৱৰ ৰাইজে এনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ পিছত চৰম মানসিক অশান্তিত ভূগিছে দুৰ্ভগীয়া পৰিয়ালটো। এজন ইছলাম ধৰ্মৰ লোকে হিন্দু ধৰ্মৰ মহিলা এগৰাকীক পলুৱাই নি হত্যা কৰা ঘটনাৰ পিছত ৰাইজে নামঘৰত ৰাইজমেল পাতি তিনি বছৰলৈ পৰিয়ালটোক বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য পৰকীয়া প্ৰেমৰ বাবেই ভয়াবহ ঘটনাৰ সন্মুখীন হৈছিল পৰিয়ালটো। ইজাজুল আলি নামৰ এজন বিবাহিত পুৰুষে পলুৱাই নি হত্যা কৰিছিল গাঁওখনৰ ৰশ্মি দত্ত নামৰ মহিলা গৰাকীক। যোৱা ২৪ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল ইজাজুল আলি আৰু ৰশ্মি দত্ত। ১ অক্টোবৰত ফৰকাটিংৰ শিঙিজান পথাৰত ৰশ্মি দত্তৰ মৃতদেহ উদ্ধাৰ হৈছিল। আৰক্ষীয়ে ইজাজুলক গ্ৰেপ্তাৰ কৰি সোধা পোচা কৰাত হত্যাকাণ্ডৰ ঘটনা স্বীকাৰ কৰিছিল ভণ্ড প্ৰেমিক ইজাজুল আলিয়ে। হত্যাকাৰী ইজাজুলৰ ঘৰ গোলাঘাটৰ মইনাপাৰাত। হাতীয়েখোৱাৰ এটা বিস্কুট কাৰখানাত কাম কৰিছিল নৰপিশাচ ইজাজুল আলিয়ে। ৰশ্মি দত্তৰ স্বামীয়েও কাম কৰিছিল একেটা বিস্কুট কাৰখানাত। প্ৰায় ডেৰ বছৰৰ পৰা দুয়োৰে মাজত আছিল অবৈধ প্ৰেম। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিয়াৰ পিছত ৰাইজে মিলি সৎকাৰ কৰে। কিন্তু তিলনীৰ দিনটোত গাঁৱৰ ৰাইজ কোনো উপস্থিত নহল। বিপৰীতে ৰশ্মি দত্তৰ স্বামী গৃহপৰিয়াল আৰু খুড়াকৰ পৰিয়ালক তিনি বছৰলৈ সামাজিক ভাৱে বৰ্জন কৰা বুলি জানিবলৈ দিয়ে। পৰিয়াল দুটাই এই পৰ্যন্ত দহা, সকাম আদি পাতিব পৰা নাই। ৰাইজৰ এনে কঠোৰ সিদ্ধান্তত এতিয়া দিশহাৰা হৈ পৰিছে পৰিয়ালটো।Conclusion:Byte_1_খুড়ীয়েক
Byte_2_মৃতকৰ স্বামী
Byte_3_আত্মীয়
Byte_4_আত্মীয়
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.