ETV Bharat / state

কথাৰে নহয় কামেৰে অসমীয়াগিৰী দেখুৱাইছে অচিন্ত প্ৰান শৰ্মাই

স্কেটছ উইনিচেক্স বিউটি পাৰ্লাৰৰ যোগেদি ৰাজ্যৰ নৱপ্ৰজন্মক দিছে সংস্থাপন ৷

author img

By

Published : Oct 5, 2019, 3:30 AM IST

কথাৰে নহয় কামেৰে অসমীয়াগিৰী দেখুৱাইছে অচিন্ত প্ৰান শৰ্মাই

সৰুপথাৰ, 4 অক্টোবৰ: আজিকালি অসমীয়াগিৰীৰ কথা সাধাৰণতে পেপাৰ-পত্ৰৰ দ্বাৰা অথবা ছচিয়েল মেডিয়াৰ মাধ্যমেৰে সঘনাই দেখি শুনি থকা যায় ৷ যি সময়ত ৰাজ্যত কামৰ অসমীয়াগিৰী কমি আহি কথাৰ অসমীয়াগিৰী বৃদ্ধি পাইছে তেনেসময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্কেটছ উইনিচেক্স বিউটি পাৰ্লাৰৰ যোগেদি বহু অসমীয়া নিবনুৱা যুৱক-যুৱতীক কর্মসংস্থাপন দি প্ৰকৃত অসমীয়াগিৰীৰ উদাহৰণ দিছে স্কেটচৰ পৰিচালক সঞ্চালক তথা উদ্যমী যুৱক অচিন্ত প্ৰান শৰ্মাই ৷ অসমীয়া মানুহে চুলি কটাক বৃত্তি হিচাপে ল'ব নিবিচাৰাত ৰাজ্যত চুলি কটা বৃত্তিত সাধাৰণতে বহি ৰাজ্য, উত্তৰ প্ৰদেশ, বিহাৰৰ লোকসকলেই প্ৰায়েই নিয়োজিত হৈ থকা দেখা যায় ৷ কিন্তু স্কেটছ উইনিচেক্স বিউটি পাৰ্লাৰৰ যোগেদি এই ধাৰণা সলনি কৰাৰ এক লক্ষ্য আগত ৰাখি এতিয়া এক বিশেষ মিছনত নামিছে অচিন্ত প্ৰান শৰ্মা আৰু তেওঁৰ স্কেটচ পাৰ্লাৰ কোম্পানী ৷

ইটিভি ভাৰতৰ সাংবাদাতাৰে হোৱা এক বিশেষ বাতালাপত অচিন্ত প্ৰান শৰ্মাই কয় যে চুলি কটা ক্ষেত্ৰখনৰ সৈতে অসমীয়া নিবনুৱা যুৱক যুৱতীক জড়িত কৰাই তেওঁলোকক সংস্থাপন দি চুলি কটাৰ মার্কেট খন অসমীয়াৰ দখললৈ অনা তেওঁৰ এক বহুদিনীয়া সপোন আছিল ৷ সেই চিন্তাৰেই তেওঁ ভিনটেজ বিউটি টেকনলজি ৰ যোগেদি বহু যুৱক যুৱতীক হেয়াৰ ড্ৰেচাৰ, বিউটীচিয়ান, মেকআপ আৰ্টিষ্টৰ বিশেষ প্ৰশিক্ষণ প্ৰদান কৰি স্কেটচ উইনিচেক্স বিউটি পাৰ্লাৰ আৰম্ভ কৰিছিল ৷ বৰ্তমান প্ৰায় ৯ টা বছৰ অতিক্ৰম কৰা স্কেটছত প্ৰায় 500ৰো অধিক অসমীয়া যুৱক-যুৱতীয়ে কর্মসংস্থাপন লাভ কৰিছে লগতে অনাগত দিনত আৰু 1000 যুৱক যুৱতী সংস্থাপনৰ বাবে পৰিচালক সঞ্চালক অচিন্ত প্ৰান শৰ্মাই চিন্তা চৰ্চা অব্যাহত ৰাখিছে ৷

বৰ্তমান ৰাজ্যৰ গুৱাহাটী, যোৰহাট, নগাঁৱত নিজা প্ৰশিক্ষণ ইনষ্টিটিউট স্থাপন কৰিছে কোম্পানীটোৱে ৷ তাৰোপৰি ৰাজ্যৰ সৰু-বৰ বহু নগৰত স্কেটছ উইনিচেক্স বিউটি পাৰ্লাৰৰ শাখাও স্থাপন কৰা হৈছে ৷ যি সময়ত কেৱল পেটৰ ভাত মুঠি জোগাৰৰ বাবে অসমৰ যুৱক যুৱতী বহিৰাজ্যত গৈ চিকউৰিটি গাৰ্ডৰ দৰে কৰ্মত নিয়োজিত হৈছে তেনে সময়ত অচিন্ত প্ৰান শৰ্মাৰ স্কেটছ কোম্পানীৰে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা ৷ নৱ প্ৰজন্মক অচিন্ত প্ৰান শৰ্মাৰ আহব্বান," চিকউৰিটি গাৰ্ড হ'বলৈ হায়দৰাবাদ-চেন্নাইলৈ যোৱাৰ প্ৰয়োজন নাই তাৰ সলনি নিজ ৰাজ্যতে পাব পাৰি 35ৰ পৰা 40 হাজাৰ টকাৰ এটা আৰামদায়ক চাকৰি" ৷

Intro:কথাৰে নহয় কামেৰে প্ৰকৃত অসমীয়াগিৰী দেখুৱাইছে স্কেটচ নামৰ এখন ইউনিচেস্ক পাৰ্লাৰ কোম্পানীয়ে । স্কেটচৰ পৰিচালক সঞ্চালক অচিন্ত প্ৰান শৰ্মাৰ সপোন আছিল যে " চুলি কটা ক্ষেত্ৰ খন অসমীয়া যুৱক যুৱতী সকল জড়িত নাছিল যদিও তেওঁ ভাবিছিল যে পৰবৰ্তী সময়ত যদি এই ক্ষেত্ৰ খনত কিছু অসমীয়া যুৱক যুৱতীক সংস্থাপন কৰিব পাৰোঁ তেতিয়া এই ক্ষেত্ৰখন অসমীয়াৰ দখললৈ আহিব " । সেই চিন্তাৰে তেওঁ ভিনটেজ বিউটি টেকনলজি ৰ যোগেদি বহু যুৱক যুৱতীক হেয়াৰ ড্ৰেচাৰ, বিউটীচিয়ান, মেকআপ আৰ্টিষ্টৰ বিশেষ প্ৰশিক্ষণ প্ৰদান কৰি স্কেটচৰ যোগেদি অনুষ্ঠানটো আৰম্ভ হোৱা ৯ টা বছৰে বৰ্তমান প্ৰায় ৫০০ ও অধিক অসমীয়া যুৱক যুৱতীয়ে সংস্থাপন পাইছে আৰু অনাগত দিনত আৰু ১০০০ যুৱক যুৱতী সংস্থাপনৰ বাবে পৰিচালক সঞ্চালক অচিন্ত প্ৰান শৰ্মাই চিন্তা চৰ্চা কৰিছে । বৰ্তমান ৰাজ্যখনত প্ৰশিক্ষণ ইনষ্টিটিউট স্থাপন কৰিছে গুৱাহাটী, যোৰহাট আৰু এটা নগাঁও ত স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, পাৰ্লাৰ বিভাগটো স্থাপন কৰিছে ডিব্ৰুগড়, যোৰহাটৰ দুটা স্থানত, শিৱসাগৰ, নগাঁও, গুৱাহাটী, গোলাঘাট, বৰপথাৰত । বৰ্তমান দিল্লীটো এটি পাৰ্লাৰ বিভাগ স্থাপনৰ জো যা চলাইছে আৰু ইতিমধ্যে কাম আৰম্ভ হৈছে ।Body:নতুন প্ৰজন্মক তেওঁ আহ্বান জনায় যে অসমৰ যুৱক যুৱতী বহিৰাজ্যত গৈ চিকৰিটি গাৰ্ডৰ দৰে কৰ্মত নিয়োজিত নহৈ নিজ ৰাজ্যতে ৩৫ হাজাৰৰ পৰা ৪০ হাজাৰ টকাৰ এটি আৰামদায়ক চাকৰি কৰিবৰ বাবে আহ্বান জনায় ।

এই পূজাৰ প্ৰাকক্ষণত বৰ্তমান অসমীয়া যুৱক যুৱতীৰ দ্বাৰা পৰিচালিত বৰপথাৰত থকা স্কেটচৰ পাৰ্লাৰত ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে

Conclusion:BYTE :- ACHINTA PRAM SARMA (পৰিচালক সঞ্চালক)

Byte :- ACHINTA PRAM SARMA (পৰিচালক সঞ্চালক)

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.