ETV Bharat / state

আজিও গ্ৰেপ্তাৰ নহ’ল বনকৰা কিশোৰী হত্যাকাণ্ডৰে জড়িত আৰক্ষী দম্পতী - Arun goswami

বৰ্তমানেও পলাতক অৱস্থাত আছে তেজপুৰৰ বনকৰা কিশোৰী হত্যাকাণ্ডত জড়িত অভিযুক্ত অসম আৰক্ষী(Assam Police)ত কৰ্মৰত দম্পতী ৰাজীৱ বৰা আৰু অনুৰূপা শইকীয়া ৷ এমাহ 22 দি উকলি যোৱাৰ পাচতো ন্যায় পোৱা নাই কিশোৰীগৰাকীয়ে, যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশিষ্ট সাহিত্যিক অৰুণ গোস্বামী(Arun goswami), সদৌ অসম ছাত্ৰ সন্থা(AASU)ৰ মুখ্য সাংগঠনিক সম্পাদক অভিৱৰ্তন গোস্বামীৰ লগতে সচেতন মহলে ৷

accused-involved-in-the-murder-of-a-teenage-girl-at-tezpur-is-yet-to-be-arrest
গ্ৰেপ্তাৰ হোৱা নাই বনকৰা কিশোৰী হত্যাকাণ্ডত জড়িত আৰক্ষী দম্পতী
author img

By

Published : Oct 28, 2021, 10:28 AM IST

দেৰগাঁও, 28 অক্টোবৰ : এমাহ দহদিন অতিক্ৰম কৰাৰ পাচত আজি পৰ্যন্ত ন্যায় লাভ কৰা নাই তেজপুৰত ৰহস্যজনকভাৱে মৃত্যু হোৱা বনকৰা কিশোৰীগৰাকীৰ পৰিয়ালে ৷ আনহাতে ঘটনাৰ অভিযুক্ত দম্পতী তথা অসম আৰক্ষী(Assam Police)ত কৰ্মৰত ৰাজীৱ বৰা আৰু অনুৰূপা শইকীয়াক বৰ্তমানেও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে ৷ পলাতক হৈ থকা অভিযুক্ত দম্পতীটোক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই গোলাঘাট আৰু শোণিতপুৰ আৰক্ষীয়ে ৷

উল্লেখ্য যে, শাৰীৰিক অত্যাচাৰ আৰু যৌন নিৰ্যাতনৰ বাবেই বিগত 5 ছেপ্তেম্বৰত মৃত্যুক সাৱতি লৈছিল তেজপুৰৰ এগৰাকী 16 বছৰীয়া কিশোৰীয়ে । দেৰগাঁও থানা(Dergaon Police Station)ৰ মহিলা কনিষ্টবল অনুৰূপা শইকীয়াৰ ভাড়াঘৰত বনকৰা হিচাপে আছিল এটা দৰিদ্ৰ পৰিয়ালৰ কিশোৰীগৰাকী ।

কিশোৰী হত্যাকাণ্ডত প্ৰতিক্ৰিয়া

মৃত্যুৰ তিনিদিন পূৰ্বে অসুস্থ অৱস্থাত কিশোৰীগৰাকীক তেজপুৰৰ পিতৃ-মাতৃৰ হাতত গতাই দিছিল দম্পতীটোৱে ৷ পিতৃ-মাতৃৰ হাতত গতাই দিয়াৰ পাচতে গুৰুতৰভাৱে অসুস্থ হৈ পৰা কিশোৰীগৰাকীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত । কিন্তু 5 ছেপ্তেম্বৰত হঠাতে মৃত্যুক সাৱতি লয় ভুক্তভোগী কিশোৰীগৰাকীয়ে ।

কিন্তু এই ঘটনাই লৈছিল অন্য এক মোৰ । দণ্ডাধীশে কিশোৰীগৰাকীৰ মৃত্যু শাৰীৰিক অত্যাচাৰ আৰু যৌন নিৰ্যাতনৰ বাবে হোৱা বুলি স্পষ্টভাৱে জানিবলৈ দিয়ে ৷ এই ভয়ংকৰ ঘটনাৰ অভিযুক্ত কাৰ আৰ্শীবাদত ইমান দিনে পলাই থাকিবলৈ সক্ষম হৈছে, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে প্ৰতিগৰাকী সচেতন লোকৰ মনত ।

ইফালে এগৰাকী অসহায় বনকৰা কিশোৰীৰ মৃত্যুৰ পিছত দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় দিব নোৱাৰা অসম আৰক্ষীৰ ভুমিকাক লৈ এতিয়া জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা(AASU)ৰ মুখ্য সাংগঠনিক সম্পাদক অভিৱৰ্তন গোস্বামী । আৰক্ষীয়ে অভিযুক্ত দম্পতী বিচাৰি উলিয়াব নোৱাৰা বিষয়টোত হতবাক হৈ পৰিছে অৰুণ গোস্বামী(Arun goswami)ৰ দৰে প্ৰখ্যাত সাহিত্যিক তথা বুদ্ধিজীৱি গৰাকীও । সমগ্ৰ ঘটনাটো আৰক্ষী সঞ্চালক প্ৰধান(DGP)ক হস্তক্ষেপ কৰাৰ দাবী উত্থাপন কৰিছে বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৷

প্ৰশ্ন উত্থাপিত হৈছে, অভিযুক্ত অনুৰূপা-ৰাজীৱক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’বনে অসম আৰক্ষী ? গোলাঘাট আৰু শোণিতপুৰ আৰক্ষীয়ে দুৰ্ভগীয়া পৰিয়ালটোক দিব পাৰিবনে উচিত ন্যায় ? স্থানীয় সচেতন মহলে জনাইছে দাবী, শীঘ্ৰেই অভিযুক্ত আৰক্ষী দম্পতীক গ্ৰেপ্তাৰ কৰি দুৰ্ভগীয়া পৰিয়ালটোক প্ৰদান কৰক ন্যায় ৷

লগতে পঢ়ক : বৰুৱা দম্পতীৰ হত্যাকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.