ETV Bharat / state

ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ বিশেষ পদক্ষেপ

সৰুপথাৰ কলেজ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোকক খাদ্য বিতৰণ কৰে ধনশিৰি মহকুমা ছাত্র সন্থাৰ সদস্য সকলে । ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য় কৰে ৷

ETV BHARAT
কোৱাৰেণ্টাইনৰ পৰা ওভতি যোৱা লোকক সাদৰে গ্ৰহণ কৰিবলৈ আহ্বান ছাত্ৰ সন্থাৰ
author img

By

Published : May 22, 2020, 4:43 PM IST

গোলাঘাট, 22 মেঃ গোলাঘাট জিলাৰ সৰুপথাৰত আছুৰ ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ বিশেষ পদক্ষেপ ৷ সৰুপথাৰ কলেজৰ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা সকলো লোককে এসাজ খাদ্যৰ যোগান ধৰে ছাত্ৰ সংগঠনটোৱে ৷ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য় কৰে ৷

কৰ'ণা মহামাৰীৰ কৰাল গ্ৰাসত সমগ্ৰ বিশ্বৰ লগতে অসমতো কালমূৰ্তি ধৰিছে । দেশত অব্যাহত আছে চৰ্তুথ পৰ্যায়ৰ লক ডাউন ব্যৱস্থা । বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলক অসম চৰকাৰৰ তত্বাৱধানত বিশেষ ৰে'লযোগে নিজ গৃহলৈ অনাৰ ব্যৱস্থা কৰিছে । ইতিমধ্যে বহু সংখ্যক লোক নিজ নিজ জিলাত উপস্থিত হৈছে ৷ বহিঃৰাজ্যৰ পৰা উভতি অহা লোকসকলক প্ৰথমে 14 দিন কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে চৰকাৰ প্ৰশাসনে ৷

কোৱাৰেণ্টাইনৰ পৰা ওভতি যোৱা লোকক সাদৰে গ্ৰহণ কৰিবলৈ আহ্বান ছাত্ৰ সন্থাৰ

তাৰ সমান্তৰালভাৱে শুকুৰবাৰে গোলাঘাট জিলাৰ সৰুপথাৰ মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰটোত ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি শশধৰ গগৈ সম্পাদক সুভাষ শইকীয়া, কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনৰ নেতৃত্বত কোৱাৰেণ্টাইন কেন্দ্ৰটোত থকা ৬৯ জন লোকৰ বাবে খাদ্য সামগ্ৰী বিতৰণ কৰে । লগতে কোৱাৰেন্টাইনৰ দিন সমাপ্ত কৰাৰ পিছত যিসকল লোকৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল নিগেটিভ ওলাব সেইসকল লোকক সমাজৰ বা গাঁৱৰ লোকসকলে স-সন্মানে আদৰি লবলৈ আহ্বান সংগঠনটোৰ নেতৃবৃন্দৰ ৷ লক ডাউনৰ সকলো নীতি-নিয়ম মানি চলিবলৈ ৰাইজক আহ্বান জনায় আছু নেতা ৰাজু ফুকনে ৷

লগতে পঢ়ক- কোৱাৰেণ্টাইন চেণ্টাৰৰ খাদ্যত বিসংগতি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.