সৰুপথাৰ, 13 মে' : সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ সৰুপথাৰটো ২ ঘণ্টীয়া অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে আমছুৱে । সৰুপথাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আমছুৱে পালন কৰে অৱস্থান ধৰ্মঘট কার্যসূচী ৷ NRC ৰ নামত ধনশিৰি মহকুমাত একাংশ ধৰ্মীয় সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ তীব্ৰ বিৰোধিতাৰে পালন কৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ এটা দুষ্ট চক্ৰই একাংশ ধৰ্মীয় সংখ্যালঘু লোকৰ বিৰুদ্ধে মিছা অভিযোগ দাখিল কৰি শুনানিৰ সময়ত অভিযোগকাৰী উপস্থিত নথকাৰ অভিযোগ আমছুৰ । এনেধৰণৰ হাৰাশাস্তি বন্ধ কৰাৰ দাবীত সৰুপথাৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে NRCৰ মুখ্য সমন্বয়ক লৈ প্ৰেৰণ কৰে স্মাৰকপত্ৰ ।
সৰুপথাৰতো আমছুৰ অৱস্থান ধৰ্মঘট
NRC ৰ নামত বৈধ সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ প্ৰতিবাদত ৰাজ্যজুৰি ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ আমছুৰ ৷
সৰুপথাৰ, 13 মে' : সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ সৰুপথাৰটো ২ ঘণ্টীয়া অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে আমছুৱে । সৰুপথাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আমছুৱে পালন কৰে অৱস্থান ধৰ্মঘট কার্যসূচী ৷ NRC ৰ নামত ধনশিৰি মহকুমাত একাংশ ধৰ্মীয় সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ তীব্ৰ বিৰোধিতাৰে পালন কৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ এটা দুষ্ট চক্ৰই একাংশ ধৰ্মীয় সংখ্যালঘু লোকৰ বিৰুদ্ধে মিছা অভিযোগ দাখিল কৰি শুনানিৰ সময়ত অভিযোগকাৰী উপস্থিত নথকাৰ অভিযোগ আমছুৰ । এনেধৰণৰ হাৰাশাস্তি বন্ধ কৰাৰ দাবীত সৰুপথাৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে NRCৰ মুখ্য সমন্বয়ক লৈ প্ৰেৰণ কৰে স্মাৰকপত্ৰ ।
সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম