ETV Bharat / state

এখন বিশেষ গাড়ীৰে সপোন ৰচিছে এজন যুৱকে - golaghat a boy invent new machine news

দেৰগাওঁ চহৰত এক অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে এজন যুৱকে । নৈৰ পাৰৰ গ্ৰামাঞ্চলৰ কুঁহিয়াৰ চহৰমুখী কৰি বাণিজ্যিক ভাৱে ব্যাপক সফলতা লাভ কৰিছে লিনে পাও নামৰ যুৱকজনে ৷ চাওক আমাৰ এক প্ৰতিবেদন ৷

এখন বিশেষ গাড়ী
এখন বিশেষ গাড়ী
author img

By

Published : Sep 10, 2020, 5:13 PM IST

গোলাঘাটৰ, 10ছেপ্টেম্বৰ : এখন বিশেষ গাড়ী ৷ এই গাড়ীখনেৰেই সপোন ৰচিছে এজন যুৱকে ৷ প্ৰকৃততে মনত হেপাঁহ আৰু কৰ্মস্পৃহা থাকিলে মানুহে নোৱাৰা কাম একোৱে নাই৷এটা উচ্চাকাংক্ষী মন,সাগৰৰ দৰে সীমনা থাকিলে সকলো কামেৰেই সফলতা অৰ্জন কৰিব পাৰি। তাৰেই এক উদাহৰণ দাঙি ধৰিলে গোলাঘাটৰ এজন যুৱকে৷ গোলাঘাটৰ এই যুৱকজনৰ নাম লিনে পাও ৷

এখন বিশেষ গাড়ীৰে সপোন ৰচিছে এজন যুৱকে

এখন বিশেষভাৱে নিৰ্মান কৰা গাড়ীত বিশেষ পদ্ধতিৰে কুঁহিয়াৰ পেৰি ৰস উলিয়াই গ্ৰাহকক দিয়াত ব্যস্ত এজন যুৱক। দেৰগাৱঁৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ বানে জুৰুলা কৰা শগুনপাৰাৰ যুৱক লিনে পাও। কিন্তু ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা আহি দেৰগাওঁ চহৰত এক অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে এইজন যুৱকে । উল্লেখযোগ্য যে,নৈৰ পাৰৰ গ্ৰামাঞ্চলত কুঁহিয়াৰৰ অভাৱ নাই। সেই কুঁহিয়াৰ চহৰ মুখী কৰি বাণিজ্যিক ভাৱে ব্যাপক সফলতা লাভ কৰিছে লিনে পাও নামৰ এই যুৱকজনে ৷ এখন বিশেষ ভাৱে নিৰ্মান কৰা গাড়ীত যুৱকজনে দেৰগাওঁ চহৰত কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি ব্যৱসায় চলাই আহিছে । এই বিশেষ গাড়ীখনতেই সংযুক্ত হৈ আছে কুহিয়াৰ পেৰা যন্ত্ৰচালিত মেচিন। এইদৰেই এইখন গাড়ীতেই কুঁহিয়াৰ ৰসৰ ব্যৱসায় কৰে নৈপৰীয়া যুৱকজনে। এই ব্যৱসায়ৰ জৰিয়তে গৰমৰ সময়ছোৱাত দৈনিক তেওঁ উপাৰ্জন কৰে ২ ৰ পৰা ৩ হাজাৰৰ অধিক টকা। এই ব্যতিক্ৰমী চিন্তাৰে বাণিজ্যিকভাৱে সফলতাৰ মুখ দেখিছে এইজন অসমীয়া যুৱকে। বজাৰ পথাৰ দখলৰ শ্ল'গান হাতে কামে ৰূপায়িত কৰা এইজন যুৱক হ'ব পাৰে প্ৰতিজন কৰ্মমুখী যুৱকৰ বাবে প্ৰেৰণাৰ উৎস।

লগতে চাওকঃ সুধাকণ্ঠক ভাৰত ৰত্ন সন্মান প্ৰদান কৰিছিল কোনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.