ETV Bharat / state

এখন বিশেষ গাঁও : ঘৰ থাকিও মানুহে বসবাস কৰে টঙিঘৰত - বৰমহৰী পথাৰ

এই বিশেষ গাঁওখন আছে গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া বৰমহৰী পথাৰত ৷ গাঁওখনৰ বাসিন্দা সকলৰ বাবে টঙিঘৰত থকাতো কোনো চখ নহয় ৷ কিন্তু দুৰ্গম গাঁওখনৰ 45 টা পৰিয়াল বাধ্য হৈছে এই দৰে জীৱন নিৰ্বাহ কৰিবলৈ ৷

a-unique-village
এখন বিশেষ গাঁও : ঘৰ থাকিও মানুহে বসবাস কৰে টঙিঘৰত
author img

By

Published : Jun 3, 2021, 10:00 PM IST

গোলাঘাট, 3 জুন : অসমৰ অতিশয় এখন দুৰ্গম গাঁও য’ত এতিয়াও মানুহে বাস কৰে টঙিঘৰত ৷ তেওঁলোকৰ আছে আপোনাৰ মোৰ দৰেই এখন শুৱনি ঘৰ ৷ তথাপিও ঘৰৰ কাষতে থকা টঙিঘৰত বছৰ পাচত বছৰ ধৰি বাস কৰি আহিছে গাঁওখনৰ বাসিন্দা সকলে ৷ এই বিশেষ গাঁওখন আছে গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া বৰমহৰী পথাৰত ৷ গাঁওখনৰ বাসিন্দা সকলৰ বাবে টঙিঘৰত থকাতো কোনো চখ নহয় ৷ দুৰ্গম গাঁওখনৰ 45 টা পৰিয়াল বাধ্য হৈছে এই দৰে জীৱন নিৰ্বাহ কৰিবলৈ ৷ কিয়নো অঞ্চলটোত সঘনে বন্যহস্তীয়ে বিচৰণ কৰে বাবেই এইদৰে টঙিঘৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছে গাঁওখনৰ লোকসকল ৷ সন্ধিয়া হোৱাৰ লগে লগেই টঙিঘৰত উঠে গাঁওখন সকলো মানুহ ৷

a-unique-village
এখন বিশেষ গাঁও : ঘৰ থাকিও মানুহে বসবাস কৰে টঙিঘৰত

মনকৰিবলীয়া যে, গাঁওখনৰ 45 টা পৰিয়ালৰ প্ৰত্যেকৰে আছে একোটাকৈ টঙিঘৰ ৷ বনৰীয়া হাতীয়ে যাতে আক্ৰমণ কৰিব নোৱাৰে, তাৰ বাবে প্ৰায় 25 ৰ পৰা 30 ফুট উচ্চতাত নিৰ্মাণ কৰি লৈছে তেওঁলোকে একোটাকৈ টঙিঘৰ ৷ পাহাৰ সমীপৱৰ্তী অঞ্চল হোৱা হেতুকে অঞ্চলটোত বন্যহস্তীয়ে যুগ যুগ ধৰি বিচৰণ কৰি আহিছে ৷ যাৰ বাবে গাঁওখনৰ লোক সকল সন্ধিয়া হ’লেই টঙিঘৰত উঠে আৰু পুৱাহে নামি আহে ৷

উল্লেখযোগ্য যে, উন্নয়নৰ কথা কৈ অহা চৰকাৰখনৰ পৰা বিজুলী যোগানকে আদি কৰি ন্যূনতম সা-সুবিধা খিনিও লাভ নকৰা অঞ্চলটোৰ লোক সকলে এতিয়া উপায়ন্তৰ হৈ চৰকাৰক দাবী জনাইছে পকী টঙিঘৰ নিৰ্মাণৰ বাবে ৷ কাৰণ পকী টঙি ঘৰ যথেষ্ট সুৰক্ষিত৷ তাৰোপৰি পকী টঙিঘৰ নিৰ্মাণ হ’লে বৰ্তমানৰ টঙিঘৰ মেৰামতিত ব্যয় হোৱা ধন ৰাহি হ’ব এই লোক সকলৰ ৷

বৰ্তমান সময়ত মানুহ সভ্যতাৰ শিখৰত আৰোহণ কৰা বুলিলে হয়তো ভুল কোৱা নহ’ব ৷ কিন্তু তাৰ পাচতো এইদৰে টঙিঘৰত বাস কৰিব লগীয়া হোৱা লোক সকলৰ সমস্যাৰ কেতিয়াবা ওৰ পৰিবনে ? সেয়া এতিয়া লাখ টকীয়া প্ৰশ্ন ৷

লগতে পঢ়কঃ নাৰ্চ : নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি চিকিৎসা সেৱাত ব্ৰতী এইসকল ক’ভিড যোদ্ধা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.