গোলাঘাট,1 মে'ঃ মুখ্যমন্ত্ৰীলৈ সহায়ৰ আহ্বান চেন্নাইত আৱদ্ধ এটি পৰিয়ালৰ ৷ চেন্নাইৰ পৰাই ভিডিঅ' যোগে মুখ্যমন্ত্ৰীলৈ সহায়ৰ আহ্বান জনালে গোলাঘাট মেৰাপানীৰ পৰিয়ালটোৱে । লক্ ডাউনৰ পূৰ্বে পিতৃক চিকিৎসাৰ বাবে চেন্নাইলৈ যোৱা গোলাঘাট মেৰাপানীৰ বিকি তালুকদাৰ আৰু তেওঁৰ মাতৃয়ে কান্দি কান্দি মুখ্যমন্ত্ৰীলৈ এক ভিডিঅ' যোগে জনাইছে সহায়ৰ আবেদন ।
পিতৃৰ চিকিৎসাৰ বাবে বিকি তালুকদাৰ আৰু তেওঁৰ মাতৃ গৈছিল চেন্নাইলৈ । চিকিৎসাধীন অৱস্থাতেই চেন্নাইত পিতৃৰ মৃত্যু হয় । লক্ ডাউনৰ ফলত পিতৃৰ মৃতদেহ নিজ ঘৰলৈ নিব নোৱাৰি চেন্নাইতে অন্তিম সৎকাৰ সমাপন কৰে । পিতৃৰ অন্তিম সৎকাৰৰ পিছত লক্ ডাউনৰ বাবে এতিয়া চেন্নাইৰ এটা ল'জত আৱদ্ধ হৈ আছে । ইতিমধ্যে পিতৃৰ চিকিৎসাত সকলো টকা পইছা শেষ হৈছে তেওঁলোকৰ । চেন্নাইত থকা-খোৱাৰ যথেষ্ট অসুবিধা হৈছে দুৰ্ভগীয়া পৰিয়ালটোৰ । সেয়েহে উপায়ন্তৰ হৈ মাতৃ আৰু পুত্ৰই হাত জোৰ কৰি অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰীক তেওঁলোকক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছে ৷
লগতে চাওকঃৰোমান্টিক হিৰো ঋষি কাপুৰক সুঁৱৰি