ETV Bharat / state

কৰ্তব্যৰত বিএছএফ বিষয়াক বিদেশী সজালে বিদেশী ন্যায়াধীকৰণে - Foreigners Tribunal

কৰ্তব্যৰত বিএছএফ বিষয়াসহ তেওঁৰ পত্নীক বিদেশী ঘোষণা বিদেশী ন্যায়াধীকৰণৰ ৷

কৰ্তব্যৰত বিএছএফ বিষয়াক বিদেশী সজালে বিদেশী ন্যায়াধীকৰণে
author img

By

Published : Aug 23, 2019, 10:26 PM IST

গোলাঘাট জিলাৰ মেৰাপানী অঞ্চলৰ ইছলামপুৰৰ স্থায়ী বাসিন্দা মুজিবুৰ ৰহমানে বিগত 32 বছৰ ধৰি ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফত উপ পৰিদৰ্শক হিচাপে দেশমাতৃৰ সেৱাত কৰ্তব্যৰত হৈ আছে ৷ শেহতীয়াকৈ সেনা বিষয়াজন পত্নীসহ পঞ্জাৱত কৰ্মৰত হৈ থকা সেনা বিষয়াজনলৈ যোৰহাট বিদেশী ন্যায়াধীকৰণ আদালতে হঠাৎ বিদেশী ঘোষণা কৰাৰ জাননী প্ৰেৰণ কৰা কাণ্ডই সকলোকে আচম্বিত কৰি তুলিছে ৷

চাওক এই প্ৰতিবেদন

কৰ্তব্যৰত বিএছএফ বিষয়াক বিদেশী সজালে বিদেশী ন্যায়াধীকৰণে

গোলাঘাট জিলাৰ মেৰাপানী অঞ্চলৰ ইছলামপুৰৰ স্থায়ী বাসিন্দা মুজিবুৰ ৰহমানে বিগত 32 বছৰ ধৰি ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফত উপ পৰিদৰ্শক হিচাপে দেশমাতৃৰ সেৱাত কৰ্তব্যৰত হৈ আছে ৷ শেহতীয়াকৈ সেনা বিষয়াজন পত্নীসহ পঞ্জাৱত কৰ্মৰত হৈ থকা সেনা বিষয়াজনলৈ যোৰহাট বিদেশী ন্যায়াধীকৰণ আদালতে হঠাৎ বিদেশী ঘোষণা কৰাৰ জাননী প্ৰেৰণ কৰা কাণ্ডই সকলোকে আচম্বিত কৰি তুলিছে ৷

চাওক এই প্ৰতিবেদন

কৰ্তব্যৰত বিএছএফ বিষয়াক বিদেশী সজালে বিদেশী ন্যায়াধীকৰণে
Intro:গোলাঘাটৰ দুজন ব্যক্তিক বিদেশী ঘোষণা বিদেশী ন্যায়াধীকৰণৰ। মেৰাপানীৰ ইচলামপুৰৰ নিবাসী মুজিবুৰ ৰহমান নামৰ বি এচ এফৰ বিষয়া আৰু তেওঁৰ পত্নীক বিদেশী ঘোষণা। যোৰহাট বিদেশী ন্যায়াধীকৰণ আদালতে হঠাৎ বিদেশী ঘোষনা কৰাক লৈ হাহাকাৰ অৱস্থা পৰিয়ালত। মুজিবুৰ ৰহমান বিগত ৩২ বছৰ ধৰি ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ উপ পৰিদৰ্শক হিচাপে নিয়োজিত হৈ আছে।
Body:যোৰহাটৰ বিদেশী ন্যায়াধীকৰণে বহু লোকক বিদেশী ঘোষণা কৰিছে। কিন্তু আচৰিত বিষয়টো হ'ল এনেদৰে বিদেশী ঘোষণা কৰা বহু লোকেই নাজানে এই ৰায়দানৰ সবিশেষ। শেহতীয়াকৈ ‍BSFত কৰ্মৰত এজন বিষয়াক বিদেশী ঘোষণা কৰাৰ তথ্য পোহৰলৈ আহিছে। গোলাঘাটৰ মেৰাপানীৰ উদয়পুৰ মিকিৰপট্টিৰ মুজিবুৰ ৰহমান নামৰ বি এছ এফৰ প্ৰাক্তন উপ পৰিদৰ্শকগৰাকীক বিদেশী ঘোষণা কৰিছে যোৰহাটৰ বিদেশী ন্যায়াধীকৰণে। মুজিবৰ বৰ্তমান পঞ্জাবত কৰ্তব্যত নিয়োজিত হৈ আছে। তাৎপৰ্যপূৰ্ণভাৱে বিদেশী ন্যায়াধীকৰণৰ এই গুৰুত্বপূৰ্ণ ৰায় সম্পৰ্কে নেজানে মুজিবুৰে। ঠিকনাৰ বিভ্ৰান্তিৰ বাবেই মুজিবৰক বিদেশী ঘোষণা কৰা হৈছে বুলি জানিবলৈ দিছে মুজিবুৰৰ পৰিয়ালে। মুজিবুৰৰ লগতে তেওঁৰ পত্নীকো বিদেশী ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে দুয়োকে বিদেশী ঘোষণা কৰা হ’লেও তেওঁলোকৰ পিতৃ, ভাতৃ-ভগ্নী সকলো আকৌ ভাৰতীয় নাগৰিক। উল্লেখ্য যে, মুজিবুৰৰ দৰে বহু লোকক এই ব্যৱস্থাত থকা আসোঁৱাহৰ বাবে আত্মপক্ষ সমৰ্থনৰ সুযোগ নিদিয়াকৈ একপক্ষীয়ভাৱে বিদেশী ঘোষণা কৰা হৈছে। মুজিবুৰৰ দৰে দেশৰ নিৰাপত্তাত নিয়োজিত হৈ থকা ব্যক্তি বিদেশী ঘোষণা হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।Conclusion:Byte 1 : মুজিবুৰ ৰহমান ভাতৃ
Byte 2 : পিতৃ
Byte 3 : মাতৃ
গোলাঘাট পৰা চামিম আলি ,etv Bharat, অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.