গোলাঘাট, 4 জুলাই : কলিয়াবৰৰ কুঠৰী হাৰমতিত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। পানীত পৰি মৃত্যুক সাবটিৱ লগা হয় আবু ছিদ্দিক নামৰ এজন 23 বছৰীয়া যুৱকে । বৃহস্পতিবাৰে নিশা 9 মান বজাত উৎকট গৰমৰ বাবে গছৰ তলত সমনীয়াৰ লগত বহি আছিল যুৱকজন। সান্ধ্য আইন চলি থকাৰ বাবে আৰক্ষীৰ গাড়ীৰ শব্দ শুনি বন্ধুৰ সৈতে দৌৰ মাৰে যুৱকজন। কিন্তু দুৰ্ভাগ্যবশত যুৱকজন এটা পুখুৰীত পৰি যোৱাত অকাল মৃত্যুক সাৱটিব লগা হয়। শনিবাৰে উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ । যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে ।
লগতে পঢ়ক : বান সাহাৰ্যৰ নাপালে জোনাইৰ 5 টাকৈ বানাক্ৰান্ত পৰিয়ালে