বোকাখাত, ২৪ নৱেম্বৰ : আৰ্তজনৰ বাবে নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা 'টিম হিউমেনিটি' নামৰ ৰক্তদাতা সংস্থাৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস (6th annual foundation day of Team Humanity) । মঙলবাৰে বোকাখাতত সংস্থাটোৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক ৰক্তদান শিবিৰ আৰু ৰক্তদাতা সমাৰোহৰ আয়োজন কৰা হয় ।
উল্লেখ্য যে, শদিয়াৰ পৰা ধুবুৰীলৈ, ভাৰবর্ষৰ বিভিন্ন প্ৰান্তৰ আর্তজনক সহায়ৰ হাত আগবঢ়াই আহিছে সংগঠনটোৰ সদস্যসকলে ৷ সম্প্ৰতি অসমৰ ১৮ খন জিলাত এই সংগঠনটোৱে সম্পূর্ণ সক্ৰিয়ভাৱে কাম কৰি আছে ৷ এই পর্যন্ত ৭৪ হাজাৰ ৰক্তদাতাই সংগঠনটোৰ হৈ মুঠ ২৫ হাজাৰ ইউনিত ৰক্ত বিভিন্ন ৰোগাক্ৰান্ত ব্যক্তিলৈ আগবঢ়াইছে ৷ ২০১৫ চনৰ ২৩ নৱেম্বৰত হেমন্ত মহন্ত নামৰ লোকজনৰ প্ৰচেষ্টাত জন্মলাভ কৰা সংগঠনটোৱে অসমৰ লগতে ভাৰতত ‘টিম হিউমেনিটি ব্লাড ডনাৰচ্ এণ্ড ছ’চিয়েল এক্টিভিষ্ট্ ইন ইণ্ডিয়া’ (Team Humanity: Blood Donors and Social Activists in India) ৰূপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ৷
ভাৰতৰ বিভিন্ন ৰাজ্যত ‘টিম হিউমেনিটি’ৰ শাখা গঠন কৰি বিপদত পৰা সকলক সহায়ৰ হাত অগবঢ়োৱা হয় । প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন, স্মৃতি তর্পন, ৰক্তদান শিবিৰৰ পাছতে ৰাজীৱ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চিকিৎসক ডাঃ ৰঞ্জন কুমাৰ মহন্ত, 'লাইফ অৱ এ ড্ৰাইভাৰ’ৰ (Life of a Driver) লেখক ৰূপম দত্ত আৰু সাংবাদিক চক্ৰপাণি পৰাশৰ ৷
মুকলি সভাতেই ‘বিপুল চন্দ্ৰ বৰুৱা বিশিষ্ট সমাজ সেৱকৰ বঁটা’ প্ৰদান কৰা হয় । ‘দাপোন-দ্য মীৰ'ৰ (Dapon-The mirror) নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ স্বত্বাধিকাৰী তথা বিভিন্ন ৰাষ্ট্ৰীয় বঁটাৰে সন্মানীত অভিনেতা টংলাৰ পবিত্ৰ ৰাভাক প্ৰদান কৰা হয় এই বঁটা ৷ উল্লেখ্য যে, বঁটা আগবঢ়াই আহিছে যোৰহাটৰ বিশিষ্ট সমাজকর্মী, প্ৰধান শিক্ষক প্ৰয়াত নিপুল চন্দ্ৰ বৰুৱা ন্যাসৰ হৈ পৰিয়ালবর্গই ৷
আনহাতে ‘টিম হিউমেনিটি’ (Team Humanity)ৰ উদীয়মান সমাজসেৱিকা বঁটা-২০২১ গুৱাহাটীৰ অর্চনা বৰঠাকুৰক প্ৰদান কৰা হয় ৷ এই বঁটা আগবঢ়াইছে ‘বীৰাংগনা’ বিস্মিতা লিখকে ৷ টিম হিউমিনিটিৰ বাৰ্ষিক মুখপত্ৰ উন্মোচন কৰে ৰূপম দত্তই ৷
বিশিষ্ট ৰক্তদাতা বঁটা গুৱাহাটীৰ বিশেষভাৱে সক্ষম ৰক্তদাতা প্ৰসেনজিৎ দাসক প্ৰদান কৰা হয় ৷ ৰক্তদান শিবিৰৰ অন্তত টিম হিউমিনিটিয়ে ৪০ ইউনিট ৰক্ত গোলাঘাটৰ ছহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় (Swahid Kushal Konwar Civil Hospital) কতৃপক্ষক প্ৰদান কৰে ৷ সভাৰ শেষত সন্ধিয়া প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভা অনুষ্ঠিত হয় ৷