ETV Bharat / state

ধনশিৰি নদীত উদ্ধাৰ দুটাকৈ মৃতদেহ

author img

By

Published : Mar 2, 2020, 5:44 PM IST

সৰুপথাৰৰ ছেৱাগুৰীত ধনশিৰি নদীত উদ্ধাৰ 2 ছাত্ৰৰ মৃতদেহ৷ দেওবাৰে ধনশিৰি নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে এছ ডি আৰ এফ বাহিনীয়ে ৷

গোলাঘাট
ধনশিৰি নদীত উদ্ধাৰ দুটাকৈ মৃতদেহ

গোলাঘাট, 2 মাৰ্চঃ দেওবাৰে সৰুপথাৰৰ ছেৱাগুৰীত ধনশিৰি নদীত উদ্ধাৰ দুটাকৈ মৃতদেহ৷ দেওবাৰে ধনশিৰি নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল চাদিক আহমেদ( ১৩)আৰু কামিলুছ মালাৰ (১৫) নামৰ ছাত্ৰ দুজন ৷ গোলাঘাট জিলাৰ এছ ডি আৰ এফ বাহিনী আৰু সৰুপথাৰ অগ্নিনিৰ্বাপ বাহিনীৰ চাৰিঘন্টীয়া যৌথ অভিযানত উদ্ধাৰ কৰে ছাত্ৰ দুজনৰ মৃতদেহ |

ধনশিৰি নদীত উদ্ধাৰ দুটাকৈ মৃতদেহ

উল্লেখ্য যে, চাৰিগৰাকী স্কুলীয়া সতীৰ্থৰ সৈতে ধনশিৰি নদীত দেওবাৰে গা ধুবলৈ গৈছিল ছাত্ৰ দুজনে ৷ দুজন ছাত্ৰ নৈ খন সাতুৰি নদী পাৰ হৈছিল যদিও চাদিক আহমেদ নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ জনে সাতুৰিব নোৱাৰাৰ বাবেই সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা ৷ চাদিক আহমেদ সৰুপথাৰ পদুমণি জীৱন উপহাৰ ইংলিছ স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ | আৰু কামিলুছ মালাৰ কৰ্দৈগুৰী ফুলেশ্বৰী বৰচেতীয়া বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে |

আৰু পঢ়কঃ চিকিৎসালয়ৰ কোঠাত নিজৰ পছন্দৰ গান শুনি কটাইছে জুবিনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.