ETV Bharat / state

অসমত চলি আছে দাস প্ৰথা! - আনন্দৰাম বৰা

গোলাঘাটৰ ঘিলাধাৰী বৰুৱা গাঁৱৰ আনন্দৰাম বৰা নামৰ এজন লোকৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে এগৰাকী মহিলা আৰু শিশুসহ ১৯ জনকৈ শ্ৰমিক ৷ অবৈধভাৱে ৰখা এই শ্ৰমিকসকলৰ ওপৰত শাৰিৰীক নিৰ্যাতন চলোৱা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে ৷

গোলাঘাটত উদ্ধাৰ ১৯ জন শ্ৰমিক
author img

By

Published : Jun 19, 2019, 7:07 PM IST

গোলাঘাট, 19 জুন : গোলাঘাটৰ ঘিলাধাৰী বৰুৱা গাঁৱত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে এগৰাকী মহিলা আৰু শিশুসহ ১৯ জনকৈ শ্ৰমিক ৷ আনন্দৰাম বৰা নামৰ লোকজনৰ ঘৰত অবৈধভাৱে ৰাখিছিল এই শ্ৰমিক সকলক ৷ এই পৰ্যন্ত ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসনে আনন্দৰাম বৰাৰ পুত্ৰ মাইনা বৰাক গ্ৰেপ্তাৰ কৰি সোধা পোচা অব্যাহত ৰাখিছে ৷ টকাৰ বিনিময়ত দালালে আনন্দৰামক শ্ৰমিক যোগান ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ লগতে শাৰিৰীক অত্যাচাৰ চলাই আৰু মজুৰি নিদিয়াকৈয়ে শ্ৰমিক সকলক কাম কৰাই আছিল বুলি জানিব পৰা গৈছে ৷ উদ্ধাৰ হোৱা শ্ৰমিক সকলক বৰ্তমান গোলাঘাট আৰক্ষী থানাত ৰখা হৈছে ।

গোলাঘাটত উদ্ধাৰ ১৯ জন শ্ৰমিক

এক অভিযোগৰ ভিত্তিত ধনশিৰি মহকুমা আৰক্ষী বিষয়া প্ৰাঞ্জল বৰাৰ নেতৃত্বত বৰপথাৰ থানা আৰু ঘিলাধাৰী থানাৰ যুটীয়া অভিযানত উদ্ধাৰ কৰা হৈছিল নিৰ্যাতিত শ্ৰমিকসকলক ৷ সীমান্ত হাজৰিকা নামৰ সন্ধানহীন যুৱক এজনৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে শ্ৰমিক সকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ সীমান্তৰ লগতে এগৰাকী গৰ্ভৱতী মহিলাসহ মুঠ ১৯ জন শ্ৰমিকক উদ্ধাৰ কৰে আৰক্ষীয়ে । শ্ৰমিক সকলৰ অভিযোগ অনুসৰি, তেওঁলোকক মাৰপিট কৰাৰ লগতে প্ৰায় এশ ডেৰশ পোৰা মাটিত খেতি কৰিবলৈ নিয়োজিত কৰা হৈছিল ৷

Golaghat 19.06.2019
slug : as_glt_19 labour rescue_vis_byte_7205572
O.C. গোলাঘাটৰ ঘিলাধাৰী বৰুৱা গাঁৱত আৰক্ষীৰ  অভিযান৷ এজন ব্যক্তিৰ বাসগৃহৰ পৰা এগৰাকী মহিলা আৰু শিশুসহ ১৯ জন অবৈধ ভাৱে কাম কৰাই থকা শ্ৰমিকক উদ্ধাৰ৷ উদ্ধাৰ কৰা গৃহটোৰ গৰাকীৰ নাম আনন্দৰাম বৰা৷ আনন্দৰাম বৰাই জমিদাৰী প্ৰথাৰে শ্ৰমিকক আবদ্ধ কৰি কাম কৰাইছিল এই শ্ৰমিক সকলক। তেওঁৰ পুত্ৰক গ্ৰেপ্তাৰ কৰে ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসনে। দালালে টকাৰ বিনিময়ত আনন্দৰাম বৰাক শ্ৰমিক যোগান ধৰাৰ গুৰুতৰ অভিযোগ৷ শাৰিৰীক অত্যাচাৰ চলাই কোনো মজুৰি আদি নিদিয়াকৈ কাম কৰাইছিল শ্ৰমিক সকলক। উদ্ধাৰ কৰা শ্ৰমিক সকলক বৰ্তমান ৰখা হৈছে গোলাঘাট আৰক্ষী থানাত। এক অভিযোগৰ ভিত্তিত ধনশিৰি মহকুমা আৰক্ষী বিষয়া প্ৰাঞ্জল বৰাৰ নেতৃত্বত বৰপথাৰ থানা আৰু ঘিলাধাৰী থানাৰ যুটীয়া অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হয় নিৰ্যাতিত শ্ৰমিকসকলক৷ সীমান্ত হাজৰিকা নামৰ এজন যুৱক সন্ধানহীন হোৱা বুলি পৰিয়ালে বৰপথাৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল। এই অভিযোগৰ  পিছত তদন্ত কৰিছিল আৰক্ষীয়ে। তদন্তত সীমান্তৰ সন্ধান লাভ কৰি আজি এগৰাকী গৰ্ভৱতী মহিলাসহ মুঠ ১৯ জন শ্ৰমিকক উদ্ধাৰ কৰে আৰক্ষীয়ে। শ্ৰমিক সকলে অভিযোগ কৰা অনুসৰি তেওঁলোকক মাৰপিট কৰি পথাৰত কাম কৰোৱাই। প্ৰায় এশ ডেৰশ পোৰা মাটিত খেতি কৰিবলৈ নিয়োজিত কৰিছিল এই শ্ৰমিক সকলক। পৰিয়ালটোৰ আনন্দৰাম বৰাৰ বিৰুদ্ধে শ্ৰমিক সকলৰ অভিযোগ আৰক্ষীয়ে এই পৰ্যন্ত তেওঁৰ পুত্ৰ মাইনা বৰাক গ্ৰেপ্তাৰ কৰি সোধা পোচা অব্যাহত ৰাখিছে।
Byte_1_শ্ৰমিক
Byte_2_শ্ৰমিক
Byte_3_আৰক্ষী বিষয়া
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by ftp.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.