নিউজ ডেস্ক, 6 জুন : টকাৰ উজান উঠিছে গোলাঘাট জিলাৰ এটা অঞ্চলত ৷ জিলাখনৰ বোকাখাতত এজন ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ হৈছে 18 লাখ নগদ ধন ৷ কদম কালোৱাৰ নামৰ ব্যক্তিজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এই ধনখিনি ৷ ইয়াৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ গুটখা, পাণ মছলা, বিড়ি আৰু আন ধঁপাতজাতীয় সামগ্ৰী ৷

জানিব পৰা মতে, দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনিয়ম ভংগ কৰি কদম কালোৱাৰ নামৰ ব্যক্তিজনে গুটখা, ধঁপাতজাতীয় সামগ্ৰী আদি মজুত ৰখাৰ লগতে বিক্ৰী কৰাৰ গোপন খবৰ লাভ কৰিছিল বোকাখাত আৰক্ষীয়ে ৷ এই খবৰৰ ভিত্তিত বোকাখাত আৰক্ষীৰ এটা দল লগত লৈ অভিযানত নামি পৰে কাৰ্যবাহী দণ্ডাধীশ ৰণনময় ভৰদ্বাজ ৷ দলটোৱে ম'হমাইকী গাঁৱৰ ব্যৱসায়ীজনৰ দোকান, গুদাম,ঘৰ সকলোতে তালাচী চলায় ৷ তালাচীত গোপনে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ লগতে দলটোৱে জব্দ কৰে 18 লাখ নগদ টকা ৷

আৰক্ষীৰ প্ৰাৰম্ভিক সন্দেহত এই বৃহৎ ধন লক্ ডাউনৰ সময়ত অধিক দামত গুটখা বিক্ৰী কৰি সংগ্ৰহ কৰা বুলি প্ৰকাশ কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যহত ৰাখিছে আৰক্ষীয়ে ৷ ব্যৱসায়ীজনৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন জব্দ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ গোলাঘাট জিলাত ৷
লগতে পঢ়ক : দুৰ্নীতি : ধন আহিল, কিন্তু সম্পূৰ্ণ নহ'ল চৰকাৰী আঁচনিৰ গৃহ