গোৱালপাৰা,26 মাৰ্চ: বৃহস্পতিবাৰে গোৱালপাৰা জিলা প্ৰশাসন আৰু নিৰ্বাচনী বিষয়াৰ সৌজন্যত বিশেষকৈ মহিলা ভোটাৰসকলৰ মাজত অনুষ্ঠিত কৰা হয় এক ভোটাৰ সজাগতা সভা ৷ "ভোট আপোনাৰ গণতন্ত্ৰ অধিকাৰ" - এই অধিকাৰ সাব্যস্ত কৰিবৰ বাবে গোৱালপাৰা কৃষি বিভাগৰ প্ৰশিক্ষন কেন্দ্ৰত মহিলাসকলৰ মাজত জিলাখনৰ বিভিন্ন এন জি অ' তথা বে-চৰকাৰী সন্থাই ভোট দান সম্পৰ্কত মহিলা সকলৰ মাজত আলোচনাত মিলিত হয় ।

উল্লেখ্য যে, বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত এতিয়া বহুতে ভোট দান কৰিবলৈ যোৱা দেখা নাযায় । সেয়ে সেইসকল লোকৰ মাজত এইসকল মহিলাই যাতে ভোটদানৰ ক্ষেত্ৰত সজাগতা আনিব পাৰে সেই সম্পৰ্কেও বুজাই দিয়া হয় এই সজাগতা সভাত ।