ETV Bharat / state

Man Elephant Conflict : গোৱালপাৰাৰ আগিয়াত বনৰীয়া হাতীৰ সন্ত্ৰাস, কথমপি প্ৰাণৰক্ষা মাতৃ-কন্যাৰ - wild elephant attacked in Goalpara

গোৱালপাৰা আগিয়াত বনৰীয়া হাতীৰ সন্ত্ৰাস (Wild elephant scare in Goalpara Agia) । নিশা বনৰীয়া হাতীৰ বৃহৎ জাকে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ আৰু গৃহৰ আচবাব । কথমপি প্ৰাণৰক্ষা মাতৃসহ দুই কন্যা শিশুৰ ।

Goalpara
Goalpara
author img

By

Published : Jan 12, 2023, 12:49 PM IST

Updated : Jan 12, 2023, 1:37 PM IST

গোৱালপাৰাৰ আগিয়াত হাতীয়ে ভাঙিলে ঘৰ

গোৱালপাৰা, ১২ জানুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ (man elephant conflict in Assam) । একেদৰে গোৱালপাৰা জিলাৰো বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত আছে । বুধবাৰে নিশা গোৱালপাৰা জিলাৰ আগিয়াত বনৰীয়া হাতীৰ বৃহৎ এটা জাকে চলায় তাণ্ডৱ (Wild elephant scare in Goalpara Agia) ।

বনৰীয়া হাতীৰ তাণ্ডৱত নিশাটোৰ ভিতৰতে সৰ্বস্বান্ত হয় আগিয়াৰ এটা পৰিয়াল । গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত দেৱত্তৰ বাপুপাৰা প্ৰথম খণ্ড গাঁৱৰ কুমুদ দাসৰ গৃহত বুধবাৰে নিশা ২.৪০ বজাত ২০ টাকৈ বনৰীয়া হাতীৰ জাকে আক্ৰমণ কৰে । অৱশ্যে বনৰীয়া হাতীৰ উমান পাই পৰিয়ালটোৱে কথমপি প্ৰাণ লৈ পলাই সাৰে (wild elephant attacked in Goalpara) । কিন্তু বনৰীয়া হাতীৰ জাকটোৱে পৰিয়ালটোৰ চাৰিওটা ঘৰ ভাঙি পেলায় । লগতে বিছনা-পত্ৰ, পাকঘৰৰ গেছৰ চুলা বাচন-বৰ্তন আদি সকলো ভাঙি তছনছ কৰে (wild elephant demolishes houses in Goalpara) ।

আনহাতে, বছৰটোত জমা কৰা কৃষিৰ ফচল প্ৰায় ১০ কুইণ্টল ধান হাতীয়ে খাই শেষ কৰে । যাৰ ফলত নিশাটোৰ ভিতৰতে পৰিয়ালটো সৰ্বস্বান্ত হয় । ইফালে নিশাতেই স্থানীয় ৰাইজে বন বিভাগৰ লোকক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বনৰীয়া হাতীৰ জাকটোক জংঘললৈ খেদি পঠিয়ায় ।

উল্লেখ্য, হস্তী-মানুহৰ সংঘাত অসমত দীৰ্ঘদিন ধৰি চলি আহিছে । বনাঞ্চলৰ পৰা জনাঞ্চললৈ সময়ে সময়ে বনৰীয়া হাতীৰ জাক ওলাই আহি ধন-জনৰ ক্ষতি কৰাৰ খবৰ বিভিন্ন সময়ত প্ৰকাশ পাই আহিছে । খাদ্যৰ সন্ধানতে বনৰীয়া হাতীৰ জাক এনেদৰে জনাঞ্চললৈ ওলাই আহে । বিশেষকৈ খেতিৰ বতৰত তথা ফচল ধৰাৰ সময়ত বনৰীয়া হাতীৰ জাকে আহি মানুহৰ কষ্টৰে কৰা খেতিপথাৰ খাই তহিলং কৰে । তাৰ মাজতে মানুহৰ ঘৰ-দুৱাৰ ভাঙি উপদ্ৰৱ চলোৱাৰ লগতে বনৰীয়া হাতীৰ কবলত পৰি বহু লোকৰ মৃত্যুও হয় ।

বন বিভাগ তথা অৰণ্যৰ সীমান্তৱৰ্তী লোকসকলৰ যৌথ প্ৰচেষ্টাত বন্যহস্তীৰ এই জনাঞ্চললৈ আগমন ৰোধৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন যদিও সেয়া আজিকোপতি হোৱা নাই । লগতে নিৰন্তৰ বন ধ্বংসযজ্ঞৰ ফলত হাতীৰ বিচৰণভূমি আৰু খাদ্যৰ পৰিমাণ কমি অহাৰ বাবেই বনৰীয়া হাতীৰ জাক জন অৰণ্যলৈ ওলাই আহি এনেদৰে উপদ্ৰৱ কৰে ।

লগতে পঢ়ক :Tense situation at Shushrusha Hospital: এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি নলবাৰীৰ শুশ্ৰূষা হাস্পতালত উত্তপ্ত পৰিস্থিতি

Last Updated : Jan 12, 2023, 1:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.