ETV Bharat / state

গোৱালপাৰাত হাতীৰ আক্ৰমণঃ নিহত ২ সন্তান,আহত ২

author img

By

Published : Apr 16, 2020, 12:38 PM IST

Updated : Apr 16, 2020, 1:40 PM IST

গোৱালপাৰাত বনৰীয়া হাতীয়ে প্ৰাণ কাঢ়িলে 2 শিশুৰ ৷ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মাতৃ ।

ETV BHARAT
গোৱালপাৰাত হাতীৰ আক্ৰমণত নিহত ২ সন্তান, গুৰুতৰভাবে আহত মাতৃ

গোৱালপাৰা, 16 এপ্ৰিলঃ গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত একেটা পৰিয়ালৰ ২ সন্তান নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হয় মাতৃ ৷ কৰ'ণা ভাইৰাছৰ আতংক আৰু লক ডাউনৰ মাজতে গোৱালপাৰাৰ হাডলাপাৰাত বৃদ্ধি পাইছে বনৰীয়া হাতীৰ সন্ত্ৰাস। বনৰীয়া হাতীৰ আক্ৰমণত একেটা পৰিয়ালৰ দুই সন্তান নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় মাতৃ। এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হোৱাৰ সময়ত লক ডাউনৰ বাবে গুৱাহাটীত আবদ্ধ হৈ থাকিব লগা হৈছে পৰিয়ালটোৰ মুৰব্বী কাদং ৰাভা । বৃহস্পতিবাৰে পুৱতি নিশা দুই সন্তানৰ সৈতে মাতৃয়ে শুই থকা অৱস্থাত পাঁচ-ছয়টা বনৰীয়া হাতীয়ে নিশা আঢ়ৈ মান বজাত আক্ৰমণ কৰে ৷ ঘৰ-দুৱাৰ লণ্ডভণ্ড কৰাৰ লগতে ঝৰ্ণা ৰাভা নামৰ ১৩ বছৰীয়া কিশোৰটিক গছকি হত্যা কৰে। ইয়াৰ পাছতে তিনি বছৰীয়া সন্তান চিৰঞ্জীৱ ৰাভা আৰু মাতৃকো বনৰীয়া হাতীৰ জাকটোৱে আক্ৰমণ কৰে। অতি মুমুৰ্ষ অৱস্থাত স্থানীয় ৰাইজে দুয়োকে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও তিনিবছৰীয়া পুত্ৰ সন্তান চিৰঞ্জীৱ ৰাভাৰো মৃত্যু হয়। বৰ্তমান ৰহিলা ৰাভা (মাতৃ) গৰাকী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক- কলকাতাত আৰক্ষীক আক্ৰমণ কৰা 8 জনক গ্ৰেপ্তাৰ

Last Updated : Apr 16, 2020, 1:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.