ETV Bharat / state

গোৱালপাৰাত বন্যহস্তীৰ ত্ৰাস, ঘৰ-দুৱাৰ ভাঙি তহিলং গাঁওবাসীৰ - wild elephant attack

গোৱালপাৰাৰ সৃষ্টিপাৰা গাঁৱত হাতীৰ বৃহৎ জাকৰ তাণ্ডৱ ৷ কথমপি প্ৰাণ ৰক্ষা কেইবাজনো লোকৰ (Man elephant conflict)৷

Man elephant conflict
গোৱালপাৰাত বন্যহস্তীৰ ত্ৰাস
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 11:38 AM IST

গোৱালপাৰাত বন্যহস্তীৰ ত্ৰাস

গোৱালপাৰা, 20 ডিচেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । মঙলবাৰে নিশা বনৰীয়া হাতীৰ বৃহৎ জাকে গোৱালপাৰাৰ সৃষ্টিপাৰা গাঁৱত প্ৰৱেশ কৰি চাৰিটাকৈ পৰিয়ালৰ বাসগৃহত তাণ্ডৱ চলাই কেইবাটাও বাসগৃহকে ধৰি আচবাবসহ এফালৰ পৰা ভাঙি তহিলং কৰে ৷ এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা কেইবাজনো লোকৰ ৷

গাঁওখনৰ চাৰিটাকৈ দুখীয়া পৰিয়াল ক্ৰমে সোণাৰাম বসুমতাৰী, দ্বীপেন বসুমতাৰী, জগদীশ বসুমতাৰী আৰু ধীৰাজ বসুমতাৰীৰ ঘৰ দুৱাৰ ভাঙি ধান-চাউল খাই তাণ্ডৱৰ সৃষ্টি কৰে l এই ঘটনা পৰিলক্ষিত কৰি মূৰে কঁপালে হাত দিয়ে পৰিয়ালকেইটাই ৷ যেনেতেনে পেটে-ভাতে খাই জীৱন নিৰ্বাহ কৰি থকা পৰিয়ালকেইটাৰ বিভিন্ন আচবাব, বাচন-বৰ্তনৰ উপৰিও পৰিয়ালৰ সন্তানৰ কিতাপ-পত্ৰসমূহো হাতীয়ে ভৰিৰে গচকি বিনষ্ট কৰিছে l আনকি বাৰীৰ গছ-গছনিও ৰক্ষা নপৰিল হাতীৰ উপদ্ৰৱৰ পৰা।

বনৰীয়া হাতীৰ উপদ্ৰৱ দেখি স্থানীয় লোকে বনবিভাগৰ লোকক অৱগত কৰাত লগে লগে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতী খেদিবলৈ শূণ্যলৈ গুলীচালনা কৰে ৷ গুলীৰ শব্দ শুনি হাতী জাকটোৱে গাঁওখনৰ পৰা ওলাই যায় ৷ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে ভুক্তভোগী পৰিয়ালকেইটাৰ l

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এই ভুক্তভোগী পৰিয়ালকেইটাই হাতীৰ উপদ্ৰৱত ঘৰ-জুৱাৰ হেৰুৱাব লগা হৈছিল ৷ বাৰে বাৰে কৰা হাতীৰ উপদ্ৰৱৰ ফলত জুৰুলা হৈ পৰিছে দুখীয়া পৰিয়ালসমূহ ৷ প্ৰতিবৰ্ষতেই এনেদৰে হাতীৰ জাকে খাদ্যৰ সন্ধানত ওলাই আহি গাঁওখনত উপদ্ৰৱ চলোৱাৰ লগতে খেতিপথাৰ তহিলং কৰেহি ৷ কিন্তু আজিলৈ অঞ্চলটোত স্থায়ীভাৱে হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ কোনোধৰণৰ ব্যৱস্থা কৰা নাই বুলি ক্ষোভ উজাৰে স্থানীয় লোকে ৷

আনকি ভুক্তভোগী পৰিয়ালসমূহক বন বিভাগ তথা চৰকাৰে কোনো লোকেও সহায়ৰ হাত আগবঢ়োৱা নাই বুলি দুখ প্ৰকাশ কৰে তেওঁলোকে ৷

লগতে পঢ়ক: অযোধ্যাৰ ৰাম মন্দিৰৰ মূৰ্তিৰ খনিকৰ জামালুদ্দিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.