ETV Bharat / state

Road accident in Goalpara : ডেকধোৱাত পথ দুৰ্ঘটনাত নিহত দুজন - Road accident in Goalpara

বিহুৰ মাজতে ৰাজ্য়ৰ কেইবাটাও স্থানত পথ দুৰ্ঘটনা সংঘটিত ৷ গোৱালপাৰাৰ ডেকখোৱাত সংঘটিত পথ দুৰ্ঘটনা(Road accident in Goalpara) ত প্ৰাণ হেৰুৱালে দুজনকৈ ব্যক্তি(Two persons died in a road accident) য়ে ৷ নিহতৰ ভিতৰত এগৰাকী মহিলা বুলি জানিব পৰা গৈছে ৷ বলেৰ’ পিক আপ ভান আৰু ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ৷

two-persons-died-in-a-road-accident-in-goalpara
ডেকধোৱাত পথ দুৰ্ঘটনাত নিহত দুজন
author img

By

Published : Apr 17, 2022, 8:57 AM IST

গোৱালপাৰা, 17 এপ্ৰিল : শনিবাৰে গোৱালপাৰাৰ ডেকধোৱা(Road accident in Goalpara)ত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ য’ত থিতাতে নিহত হয় দুজনকৈ লোক ৷ নিহতৰ ভিতৰত এগৰাকী মহিলা বুলি জানিব পৰা গৈছে(Two persons died in a road accident) ৷ বিপৰীতে আহত হৈছে এজন ব্যক্তি ৷

প্ৰাপ্ত তথ্য অনুসৰি, বলেৰ’ পিক আপ ভান আৰু ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষ ঘটাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ বৰপেটাৰ পৰা মাটিয়া হৈ ধূপধৰা অভিমুখে গৈ থকা ট্ৰেভেলাৰখনৰ সৈতে ডেকধোৱাত বিপৰীত দিশৰ পৰা অহা পিক আপ ভানখনৰ সংঘৰ্ষ ঘটে ৷ এই ঘটনাত থিতাতে নিহত হয় হিৰণময়ী দাস (৪৫) আৰু বিপুল দাস (৩৮) ৷ আনহাতে আহত হয় ট্ৰেভেলাৰখনৰ চালক অপূৰ্ব দাস (৩৯) ৷

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় মৰনৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নেতৃত্বাধীন আৰক্ষীৰ এটা দল ৷ দলটোৱে মৃতদেহ দুটা উদ্ধাৰ কৰাৰ লগতে আহত চালকজনক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷ কিন্তু অৱস্থা অত্যন্ত সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে ট্ৰেভেলাৰৰ চালকজনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷

নিহত মহিলাগৰাকীৰ লগতে ব্যক্তিগৰাকী ক্ৰমে ধূপধৰাৰ খুটাবাৰী আৰু ধানবৰীৰ বাসিন্দা হোৱাৰ বিপৰীতে আহত ব্যক্তিগৰাকীৰ ঘৰ ৰংজুলিৰ কামাৰপাত বুলি জানিব পৰা গৈছে ৷

লগতে চাওক: যান-বাহন আইন উলংঘা কৰি মন্ত্রী অতুল বৰাৰ বাইক ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.