ETV Bharat / state

Road accident Goalpara: কৃষ্ণাইত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহীত

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 1:52 PM IST

গোৱালপাৰাৰ কৃষ্ণাইত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা । যাত্ৰীবাহী আল্ট্ৰা বাছ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুই বাইক আৰোহী ।

Road accident in Assam
কৃষ্ণাইত ভয়ংকৰ পথ দুৰ্ঘটনা

কৃষ্ণাইত ভয়ংকৰ পথ দুৰ্ঘটনা

গোৱালপাৰা, ১ছেপ্টেম্বৰ : গোৱালপাৰা জিলাৰ কৃষ্ণাই নাঙল ষ্টেচনত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা । এই ভয়াৱহ পথ দুৰ্ঘটনাভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুই বাইক আৰোহী । উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এজন যুৱক । প্ৰত্য়ক্ষদৰ্শী ৰাইজে উল্লেখ কৰা মতে বৃহস্পতিবাৰে নিশা জিলাখনৰ কৃষ্ণাইৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটীৰ পৰা অহা ধুবুৰী অভিমুখী আলট্ৰা যাত্ৰীবাহী বাছে বিপৰীত দিশৰ পৰা অহা বাইকৰে মুখামুখী সংঘৰ্ষ হোৱাত বাইকত অহা তিনিজন যুৱকে বহু দূৰলৈ চিটিকি পৰে ।

এই ভয়াৱহ মুখামুখী সংঘৰ্ষত থিতাতে নিহত হয় দুই বাইক আৰোহী আৰু গুৰুতৰভাৱে আহত হয় এজন । থিতাতে নিহত যুৱকদ্বয় হৈছে মহিবুল হুছেইন আৰু মনোৱাৰ হুছেইন । আনহাতে, আহতজনৰ নাম গদে বুলি জানিব পৰা গৈছে । তিনিওৰে ঘৰ কৃষ্ণাইত ।

লগতে পঢ়ক:2024 Lok Sabha Election: অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ অনুসৰি লোকসভালৈ সাজু নিৰ্বাচন আয়োগ; কাইলৈৰ পৰা আৰম্ভ EVM পৰীক্ষা

ইপিনে,যাত্ৰীবাহী আলট্ৰা বাছখনে দুৰ্ঘটনা সংঘটিত কৰি পলাবলৈ চেষ্টা কৰাত ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ৰাইজে বাছখন জ্বলাই দিবলৈ চেষ্টা কৰে যদিও আন একাংশই বাধা দিয়ে । এনে পৰিস্থিতিৰ মাজতে একাংশ উত্তেজিত ৰাইজে আলট্ৰা বাছখন ভাঙি চূৰমাৰ কৰে । অৱশ্য়ে ঘটনাস্থলীৰ পৰা কথমপি প্ৰাণৰক্ষা কৰি পলায়ন কৰে আলট্ৰা বাছ চালকজনে ।

ৰাইজে আৰক্ষীক খবৰ দিয়াৰ পিচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইক আৰোহীক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে নিহত দুজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :Protest over Silsako eviction: ঘৰখন বচাব লাগে; শিলসাঁকোৰ উচ্ছেদে অৰ্ধ নগ্ন হ’বলৈ বাধ্য কৰিলে মহিলাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.