গোৱালপাৰা,10 ছেপ্টেম্বৰ : গোৱালপাৰা জিলাৰ লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়ত শুকুৰবাৰে এখন সভাৰ জৰিয়তে লক্ষীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ অন্তৰ্গত 47 খন 'ক' শ্ৰেণী থকা বিদ্যালয়লৈ বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণ কৰা হয় ৷ লক্ষীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দেৱানন্দ বড়োৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সমল ব্যক্তি ছফিয়ৰ ৰহমানে ৷ সভাত উপস্থিত থাকে গোৱালপাৰা জিলাৰ সৰ্বশিক্ষা অভিযানৰ 'ক' শ্ৰেণীৰ আৰু আই ই বিভাগৰ জিলা আঁচনি বিষয়া ৰহিমা খাতুন ৷
বিষয়া গৰাকীয়ে সামগ্ৰী বিতৰণী সভাত উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে, "খেলৰ মাধ্যমত শৈক্ষিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ ৰঙীন টেবল, আখৰ যুক্ত খেলনা, ৰঙচঙীয়া খেলৰ সামগ্ৰী, বহা পাটী, কিতাপ ৰখা আলমিৰা আদি সামগ্ৰীৰ জৰিয়তে আকৰ্ষিত হৈ কণ কণ শিশুৱে খেলিব পাৰিব আৰু শিকিব পাৰিব ৷" লগতে শিশুৰ শৈক্ষিক আৰু শাৰীৰিক বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ উপস্থিত শিক্ষক সকলক আহ্বান জনাই ৰহিমা খাতুনে ৷
ইয়াৰ উপৰি চৰকাৰে প্ৰদান কৰা সামগ্ৰী সমূহৰ সঠিক ব্যাৱহাৰতো চকু দিবলৈ শিক্ষক সকলক আহ্বান জনায় আঁচনি বিষয়া ৰহিমা খাতুনে ৷
আনহাতে, শিক্ষা বিষয়া দেৱানন্দ বড়োৱে ভাষণ প্ৰসংগত কয় যে, "'ক' শ্ৰেণীৰ শিশুৰ বাবে চৰকাৰে আগবঢ়োৱা সামগ্ৰী সমূহৰ দ্বাৰা কণ কণ লৰা ছোৱালীৰ যথেষ্ট উপকাৰ হ'ব ৷ চৰকাৰে প্ৰৱৰ্তন কৰা নতুন শিক্ষা নীতি সন্দৰ্ভত শিক্ষক সকলে জানিব লাগিব আৰু শিক্ষক সকলে নতুন শিক্ষা নীতিৰ মুখামুখী হ’বলৈ মানসিকভাবে প্ৰস্তুত হ'ব লাগিব ৷"
লগতে পঢ়কঃ মাজুলীক লৈ উচটনিমূলক মন্তব্য নিদিবলৈ ভূপেন বৰাক সকীয়নি লক্ষ্য কোঁৱৰৰ