গোৱালপাৰা, 22 আগষ্ট : ৰাজ্যজুৰি অপৰাধ মষিমুৰ কৰি সমাজখন নিকা কৰিবলৈ যিমানেই প্ৰশাসন উঠি পৰি লাগিছে, সিমানেই একাংশ দুষ্ট চক্ৰই ন ন কৌশলেৰে অপৰাধ সংঘটিত কৰি আহিছে ৷ এইবাৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইত জালনোট সৰবৰাহকাৰীৰ বিৰুদ্ধে স্পেচিয়েল টাস্ক ফ’ৰ্চৰ এটা দলে অভিযান চলাই ৷ অভিযানকাৰী দলটোৱে বৃহৎ পৰিমাণৰ ভাৰতীয় জালনোটসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
প্ৰাপ্ত খবৰ অনুসৰি মঙলবাৰে দুপৰীয়া STF ৰ এটা দলে কৃষ্ণাই চাৰিআলিত অতৰ্কিতে অভিযান চলাই ৷ এই অভিযানত বৃহৎ পৰিমাণৰ ভাৰতীয় টকাৰ জালনোট জব্দ কৰাৰ বিপৰীতে তিনিগৰাকী সৰবৰাহকাৰীক এছ টি এফে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা তিনি জালনোট সৰবৰাহকাৰী হ'ল- আনোৱাৰ হুছেইন, ৰফিক আহমেদ আৰু প্ৰবেল মাৰাক।
কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, এক গোপন তথ্যৰ পম খেদি স্পেচিয়েল টাস্ক ফ'ৰ্চ চমুকৈ এছ টি এফ বাহিনীয়ে এই অভিযানটো চলায় ৷ এই গোপন খবৰৰ ভিত্তিত মঙলবাৰে দুপৰীয়াৰ ভাগত কৃষ্ণাই চাৰিআলিত ডি আই জি পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত অভিযান চলাই এখন বিশেষ অল্ট’ বাহন জব্দ কৰে। জব্দকৃত বাহনখনত অহা তিনি আৰোহীক আটক কৰি বাহনখনত তালাচি চলোৱাত বাহনখনৰ পৰা 14 লাখ 50 হাজাৰ টকাৰ ভাৰতীয় জালনোটসহ তিনিটাকৈ ম'বাইল উদ্ধাৰ কৰি জব্দ কৰে অভিযানকাৰী দলটোৱে।
পিচত জালনোটসহ তিনিওকে কৃষ্ণাই আৰক্ষীক চমজাই দিয়ে অভিযানকাৰী দলটোৱে । কৃষ্ণাই আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি এই তদন্ত চলাইছে । জাল নোটখিনি ক'ৰ পৰা কলৈ নিবলৈ অনা হৈছিল সেই বিষয়ে আৰক্ষীয়ে বাতৰি লিখা পৰলৈ সদৰী কৰা নাই।
লগতে পঢ়ক: Honey Trapping : হানী ট্ৰেপিঙৰ জালত পৰিল IPS বিষয়া, 50 লাখ টকা বিচাৰি ব্লেকমেইল