ETV Bharat / state

গোৱালপাৰাত হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে তিনিজনকৈ লোকে

author img

By

Published : May 23, 2022, 10:50 PM IST

গোৱালপাৰাত হাতী-মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ(Continued elephant man clashes in Lakhipur) । পুনৰ হাতীৰ আক্ৰমণত প্ৰাণ গল একেটা পৰিয়ালৰ তিনিজনকৈ লোকৰ (Three people lost their lives in elephant attack) । বহু আবেদন নিবেদনৰ পাছতো কানসাৰ নাই লক্ষীপুৰ আঞ্চলিক বনবিভাগৰ ।

three died in elephant attack in goalpara
গোৱালপাৰাত হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে তিনিজনকৈ লোকে

গোৱালপাৰা,২৩ মে': গোৱালপাৰাৰ জিলাৰ লক্ষীপুৰত অব্যাহত হাতী মানুহৰ সংঘাত(Continued elephant man clashes in Lakhipur) । হাতী মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ । লক্ষীপুৰৰ গৌৰনগৰত সংঘটিত হয় এক কৰুণ ঘটনা । জিলাখনৰ গৌৰনগৰৰ শালবাৰী দ্বিতীয় খণ্ড গাঁৱত হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ গল একেটা পৰিয়ালৰ তিনিজন লোকৰ (Three people lost their lives in elephant attack) ।

হাতীৰ আক্ৰমণত নিহত মমিন আলী, জহুৰা বিবি আৰু ছমিৰণ বিবি - তিনিওগৰাকীয়ে একেটা পৰিয়ালৰে । ইয়াৰ উপৰিও পশুধনৰ ওপৰতো আক্ৰমণ চলাইছিল হাতীৰ জাকটোৱে । ফলত কেইবাটাও পশুধন আঘাতপ্ৰাপ্ত হোৱাৰ উপৰিও এটা গৰুৰ মৃত্যু হয় ।

চলিত বৰ্ষত সমগ্ৰ অঞ্চলটোত এই তিনিজনকে ধৰি মুঠ ১৫ জন লোক নিহত হৈছে হাতীৰ আক্ৰমণত । এই মৰ্মান্তিক ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি বিৰাজ কৰিছে শোঁকৰ পৰিবেশে । জানিব পৰা মতে হাতীৰ এটা বৃহৎ জাকে ওৰে নিশা শালবাৰী দ্বিতীয় খণ্ডত সন্ত্ৰাস চলাইছিল । ১৫ টা পৰিয়ালৰ বাসগৃহ ভাঙি চুৰমাৰ কৰাৰ উপৰিও ধান-চাউল সা-সামগ্ৰী বিনষ্ট কৰে হাতীৰ জাকটোৱে ।

কিন্তু ইমানৰ পাছতো লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে । স্থানীয় লোকৰ অভিযোগ অনুসৰি লক্ষীপুৰ আঞ্চলিক বন বিষয়াক বাৰম্বাৰ ফোন কৰাৰ পিছতো গাঁওখনত উপস্থিত নহ'ল বন বিষয়া অথবা বন কৰ্মী । আনকি তিনিজনকৈ লোক নিহত হোৱাৰ পিছতো ঘটনাস্থলীত উপস্থিত নহ'ল বনকৰ্মী ।

নিহত লোক কেইজনৰ মৃতদেহ পুৱাৰ ভাগত লক্ষীপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভীমকান্ত পেগু আৰু জলেশ্বৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনিময় তামুলীয়ে উদ্ধাৰ কৰি লক্ষীপুৰ আৰক্ষী থানালৈ লৈ যায় । মন কৰিবলগীয়া যে এই বৃহৎ হাতীৰ জাকটোৱে কেৱল গৌৰনগৰ শালবাৰীকে নহয়, লক্ষীপুৰৰ সমগ্ৰ অঞ্চলতেই ত্ৰাসৰ সৃষ্টি কৰি আহিছে ।

কিন্তু হাতীৰ ত্ৰাস ৰোধৰ ক্ষেত্ৰত বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে । ইতিমধ্যে চলিত বৰ্ষতে বনকৰ্মী সহ ১৫ জনকৈ লোকৰ প্ৰাণ গৈছে হাতীৰ আক্ৰমণত । কিন্তু তাৰ পিছতো প্ৰয়োজনীয় ব্যৱস্থা লোৱা নাই চৰকাৰ তথা জিলা প্ৰশাসনে ।

লগতে পঢ়ক: কংস মামাৰ ভূমিকা গ্ৰহণ কৰিছে অসমৰ মুখ্য়মন্ত্ৰীয়ে: অখিল গগৈ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.