গোৱালপাৰা, 24 আগষ্টঃ দেশে স্বাধীনতা লাভ কৰা 7 টা দশক অতিক্ৰম কৰি যোৱাৰ পাছতো একপ্ৰকাৰ উন্নয়ন বিমুখ হৈ আছে গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্ত অঞ্চল ৷ চৰকাৰৰ কোনো উন্নয়নমূলক আঁচনিয়ে ঢুকি পোৱা নাই অঞ্চলটোত ৷ দেশৰ শাসন ব্যৱস্থাত বহু ৰাজনৈতিক দলৰ চৰকাৰ আহিল আৰু গ'ল,কিন্তু গোৱালপাৰাৰ অসম-মেঘালয়ৰ সীমান্তবাসী ৰাইজৰ দুখ আৰু দুৰ্দশাৰ কোনো পৰিৱৰ্তন নহ'ল ৷ জিলাখনৰ আন্তঃৰাজ্যিক সীমান্তৱেদি বৈ যোৱা কৃষ্ণাই নৈত প্ৰায় 14/15 খন গাঁৱৰ ৰাইজে এখন টুলুঙা নাৱেৰে যাতায়ত ব্যৱস্থা অব্যাহত ৰাখিবলৈ বাধ্য হৈ পৰিছে ৷ স্থানীয় ৰাইজে প্ৰতিবছৰে নদীখনৰ ওপৰত নিজৰ ধন খৰচ কৰি নিৰ্মাণ কৰা বাঁহৰ দলংখন মেঘালয়ৰ পাহাৰৰ ঢালৰ পৰা নামি অহা পানীয়ে কেইবাবাৰো উটুৱাই নিয়ে বুলি উল্লেখ কৰিছে ভুক্তভোগী ৰাইজে ৷ আনহাতে বাঁহৰ দলঙৰ স্থানত পকী দলং নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষ তথা জিলা প্ৰশাসনক কেইবাবাৰো অনুৰোধ কৰাৰ পাছতো চৰকাৰৰ তৰফৰ পৰা কোনো সঁহাৰি লাভ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ৰাইজে শীঘ্ৰেই চৰকাৰক দলং নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰি সীমান্তৰ অসম আৰু মেঘালয়ৰ ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়ত সমস্যাটো সমাধান কৰাৰ বাবে আহ্বান জনাইছে ৷
দশক ধৰি টুলুঙা নাৱেৰে গোৱালপাৰাৰ সীমান্তবাসী ৰাইজৰ বিপদসংকুল যাত্ৰা - krishnai river
স্বাধীনতাৰ কেইবাটাও দশক পাৰ হৈ যোৱাৰ পাছতো চৰকাৰৰ কোনো উন্নয়নমূলক আঁচনিয়ে ঢুকি নাপালে গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্ত অঞ্চলত । এখন টুলুঙা নাৱেই হৈ পৰিছে প্ৰায় 14/15 খন গাঁওৰ ৰাইজৰ একমাত্ৰ ভৰসা ৷ অন্ত নপৰিল অসম-মেঘালয় সীমান্ত অঞ্চলৰ ৰাইজৰ দুৰ্দশা ।
গোৱালপাৰা, 24 আগষ্টঃ দেশে স্বাধীনতা লাভ কৰা 7 টা দশক অতিক্ৰম কৰি যোৱাৰ পাছতো একপ্ৰকাৰ উন্নয়ন বিমুখ হৈ আছে গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্ত অঞ্চল ৷ চৰকাৰৰ কোনো উন্নয়নমূলক আঁচনিয়ে ঢুকি পোৱা নাই অঞ্চলটোত ৷ দেশৰ শাসন ব্যৱস্থাত বহু ৰাজনৈতিক দলৰ চৰকাৰ আহিল আৰু গ'ল,কিন্তু গোৱালপাৰাৰ অসম-মেঘালয়ৰ সীমান্তবাসী ৰাইজৰ দুখ আৰু দুৰ্দশাৰ কোনো পৰিৱৰ্তন নহ'ল ৷ জিলাখনৰ আন্তঃৰাজ্যিক সীমান্তৱেদি বৈ যোৱা কৃষ্ণাই নৈত প্ৰায় 14/15 খন গাঁৱৰ ৰাইজে এখন টুলুঙা নাৱেৰে যাতায়ত ব্যৱস্থা অব্যাহত ৰাখিবলৈ বাধ্য হৈ পৰিছে ৷ স্থানীয় ৰাইজে প্ৰতিবছৰে নদীখনৰ ওপৰত নিজৰ ধন খৰচ কৰি নিৰ্মাণ কৰা বাঁহৰ দলংখন মেঘালয়ৰ পাহাৰৰ ঢালৰ পৰা নামি অহা পানীয়ে কেইবাবাৰো উটুৱাই নিয়ে বুলি উল্লেখ কৰিছে ভুক্তভোগী ৰাইজে ৷ আনহাতে বাঁহৰ দলঙৰ স্থানত পকী দলং নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষ তথা জিলা প্ৰশাসনক কেইবাবাৰো অনুৰোধ কৰাৰ পাছতো চৰকাৰৰ তৰফৰ পৰা কোনো সঁহাৰি লাভ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ৰাইজে শীঘ্ৰেই চৰকাৰক দলং নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰি সীমান্তৰ অসম আৰু মেঘালয়ৰ ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়ত সমস্যাটো সমাধান কৰাৰ বাবে আহ্বান জনাইছে ৷
Body:Anchor :- স্বাধীনতাৰ ৭৩ বছৰ পাছতো কোনো উন্নয়নে ঢুকি নাপালে গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্ত অঞ্চলত।এখন টুলুঙা নাৱ হৈছে প্ৰায় ১৪/১৫ গাঁওৰ একমাত্ৰ ভৰসা।চৰকাৰ পৰিৱৰ্তন হল কিন্তু পৰিৱৰ্তন নহল অসম মেঘালয়ৰ সীমান্ত অঞ্চলত থকা ৰাইজৰ দুৰ্দশা।
V O :- অসম-মেঘালয় সীমান্ত বাসীৰ দুদৰ্শাৰ অন্ত নাই।স্বাধীনতাৰ ৭৩ বছৰ পাছতো উন্নয়নে ঢুকি নাপালে গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্ত অঞ্চলত।ভৰ বাৰিষা টুলুঙা নাও এখনে ১৪/১৫ খন গাঁওৰ লোকৰ একমাত্ৰ ভৰসা।কৃষ্ণাই নৈৰ ওপৰত গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মান কৰা বাঁহৰ দলং খন প্ৰতিবছৰে দুবাৰ তিনিবাৰ কৈ উটুৱাই নিয়ে মেঘালয়ৰ পৰা নামি ঢলপানীয়ে।যাৰ ফলত টুলুঙা নাওখনে যাতায়তৰ একমাত্ৰ মাধ্যম হৈ পৰিছে।এই ১৪/১৫ খন গাঁওৰ লোকসকলে এইখন টুলুঙা নাওঁৰে মেনদীপথাৰ পথাৰ বজাৰত দৈনিন্দিন বজাৰ কৰে।ছাত্ৰ-ছাত্ৰী সকলে এই খন নাওৰেই বিদ্যালয়লৈ আহ জাহ কৰে।বিশ কিলোমিটাৰ দূৰৈত থকা দুধনৈৰ মহাবিদ্যালয়লৈ এই খন নাওৰেই কৃষ্ণাই নৈ পাৰ হৈ যায় বহু ছাত্ৰ ছাত্ৰী।একেদৰে গোৱালপাৰা চহৰ বা অন্যান্য ঠাইলৈ যাবলৈ এইখন নাওঁৰে যাতায়ত কৰা১৪ খন গাঁওৰ লোকসকল।এই দলংখনৰ2 লগতে সীমান্ত অঞ্চলত উন্নয়ন ৰ দাবী কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়ে অসম চৰকাৰ তথা জিলা প্ৰশাসনে।এই গুৰুত্বহীনতাৰ বাবে সীমান্তৰ মঙৰাই গাৰো গাঁও,বাবুকণা আদিকে ধৰি কেবাখনো গাঁওৰ ৰাইজে মেঘালয় ৰাজ্যৰ নাগৰিক হবলৈ ওলাইছে।সীমান্তৰ এই গাঁও কেইখনৰ লোকসকল অন্তৰ্ভুক্ত হোৱা নাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত।এই সকললোক ইতিমধ্যে মেঘালয়ৰ সৈতে চামিল হোৱাৰ যোজা চলাই আছে।মেঘালয়ৰ পৰাও এইসকল লোক বিজুলী,খোৱাপানী,বাটপথ ৰ উন্নয়কে ধৰি লাভ কৰিছে বহু সা-সুবিধা।
byte 1,2 স্থানীয় ৰাইজ।
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম,ই টি ভি ভাৰত অসম।
Conclusion:byte 1,2 স্থানীয় ৰাইজ।
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম,ই টি ভি ভাৰত অসম।