ETV Bharat / state

Road Accident in Goalpara: শোকাৱহ পথ দূৰ্ঘটনাত শিশুসহ নিহত ৫ - গোৱালপাৰা পথ দুৰ্ঘটনা

এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ পাঁচজনকৈ লোকৰ মৃত্যু হয় (Road accident in Goalpara) ৷ গোৱালপাৰাৰ গধাৰবড়িত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷

Road Accident in Goalpara
শোকাবহ পথ দূৰ্ঘটনাত শিশুসহ নিহত ৫
author img

By

Published : Dec 3, 2021, 8:42 AM IST

গোৱালপাৰা, 3 ডিচেম্বৰ : বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ গধাৰবড়িত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident in Goalpara) ৷ দুৰ্ঘটনাত একেটা পৰিয়ালৰ পাঁচজনকৈ লোকে কৰুণ মৃত্যুক সাৱতিবলগীয়া হয় ।

শোকাবহ পথ দূৰ্ঘটনাত শিশুসহ নিহত ৫

বৃহস্পতিবাৰে নিশা প্ৰায় ৮:২০ বজাত গোৱালপাৰাৰ পৰা কৃষ্ণাই বিদ্যাপাৰালৈ গৈ থকা অৱস্থাতে দুখন তীব্ৰবেগী চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত নিহত হয় কৃষ্ণাই বিদ্যাপাৰাৰ আনোৱাৰ আলিৰ দুই শিশুসহ পাঁচগৰাকী লোক । শিশু দুগৰাকী গোৱালপাৰা অসামৰিক চিকিৎসালয়(Goalpara Civil Hospital)ত মৃত্যু হোৱাৰ বিপৰীতে আন তিনিগৰাকী লোক ঘটনাস্থলীতে নিহত হয় ।

দুৰ্ঘটনাগ্ৰস্থ AS০১ DU১৪২৬ নম্বৰৰ হুণ্ডাই ইয়ন আৰু AS23 M6501 নম্বৰৰ মাৰুটি ছুইফ্ট বাহন দুখনৰ ভিতৰত আৱদ্ধ হৈ থকা লোকসকলক দুৱাৰ কাটি স্থানীয় ৰাইজে উদ্ধাৰ কৰে । দুৰ্ঘটনাস্থলীলৈ এম্বুলেঞ্চ গৈ পোৱাত পলম হোৱাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: New Traffic Rules : আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ কলিয়াবৰ আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.