ETV Bharat / state

Suicide in MG School Goalpara: পাঠদানৰ মাজতেই হোষ্টেলৰ কোঠাত চিপ লৈ ছাত্ৰীৰ আত্মহত্যা - Suicide case in Goalpara

গোৱালপাৰা জিলাৰ মহাত্মা গান্ধী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত পাঠদান চলি থকা অৱস্থাতেই হোষ্টেলৰ কোঠাত চিপ লৈ দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰে (Suicide case in Goalpara)৷

Student Suicide in MG School Goalpara
পাঠদানৰ মাজতেই হোষ্টেলৰ কোঠাত চিপ লৈ ছাত্ৰীৰ আত্মহত্যা
author img

By

Published : May 18, 2023, 7:25 PM IST

পাঠদানৰ মাজতেই হোষ্টেলৰ কোঠাত চিপ লৈ ছাত্ৰীৰ আত্মহত্যা

গোৱালপাৰা, 18 মে’: গোৱালপাৰা জিলাৰ মহাত্মা গান্ধী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত পুনৰ অঘটন ৷ 20 দিনত বিদ্যালয়ৰ দুগৰাকীকৈ শিক্ষাৰ্থীয়ে হোষ্টেলৰ কোঠাত চিপ লৈ আত্মহত্যা কৰাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Student suicide in MG School Goalpara)৷ বৃহস্পতিবাৰে পাঠদান চলি থকা অৱস্থাতেই হোষ্টেলৰ কোঠাত চিপ লৈ দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰে (Suicide case in Goalpara)৷

গোৱালপাৰা চহৰৰ ভালুকডুবিত থকা বেচৰকাৰী শিক্ষা খণ্ডৰ প্ৰতিষ্ঠান 'মহাত্মা গান্ধী (এম জি) ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত বৃহস্পতিবাৰ অৰ্থাৎ আজি পুনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে আত্মহত্যা‌ৰ দৰে চৰম সিদ্ধান্ত লোৱা মৰ্মান্তিক ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (Golapara suicide case)৷ হোষ্টেলত চিপ লৈ আত্মহত্যা কৰা ছাত্ৰীগৰাকী বৰপেটা জিলাৰ আছমিনা খাতুন (18) বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, আজি পুৱা ছাত্ৰীগৰাকীয়ে শাৰীৰিক অসুস্থতাৰ কাৰণে শ্ৰেণীত উপস্থিত থাকিব পৰা নাছিল ৷ ছাত্ৰীগৰাকীয়ে বিদ্যালয়ত ছুটীৰ বাবেও আবেদন জনাইছিল ৷ ছুটী লৈ দিনটো নিজৰ কোঠাত শুই নিজৰ ভাতৃৰ লগত ফোনত কথা বতৰা পাতিছিল ছাত্ৰীগৰাকীয়ে ৷ লগতে ফোনযোগে ভাতৃক দেখা কৰিবলৈ বিদ্যালয়ৰ হোষ্টেললৈও ভাতৃক আহিবলৈ কৈছিল ছাত্ৰীগৰাকীয়ে ৷

ইয়াৰ পিচতে দুপৰীয়া প্ৰায় 2.30 মান বজাত হঠাৎ ছাত্ৰীগৰাকী ফাঁচী লৈ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে বিদ্যালয়ৰ এগৰাকীয়ে শিক্ষকে ৷ লগে লগে ঘটনাৰ বিষয়ে বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৷ ঘটনাৰ বিষয়ে বিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰীগৰাকীৰ পৰিয়ালক অৱগত কৰে ৷ এই দুঃসংবাদটো পাই পৰিয়ালটোৰ মূৰত সগৰ ভাগি পৰে ৷

খবৰ পোৱা পাচতেই বাঘবৰৰ পৰা তৎক্ষণাত আহি উপস্থিত হয় ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃ আৰু আত্মীয়-স্বজন ৷ ঘটনাৰ বিষয়ে বিদ্যালয়ৰ অধ্যক্ষই আৰক্ষীক খবৰ দিয়াত গোৱালপাৰা সদৰ আৰক্ষীৰ দল এটা উপস্থিতহৈ দণ্ডাধীশৰ উপস্থিতিত ছাত্ৰীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

উল্লেখ যে, বিগত 17 এপ্ৰিল তাৰিখে একেখন বিদ্যালয়ত কোকৰাঝাৰৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰইয়ো চিপ লৈ আত্মহত্যা কৰিছিল ৷ বিগত ২০ দিনত দুটাকৈ আত্মহত্যাৰ ঘটনাই বিদ্যালয়খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইফালে দুটাকৈ আত্মহত্যাৰ দৰে ঘটনা সংঘটিত হোৱাৰ বাবে গোৱালপাৰা জিলা আমছুৰ সভাপতিগৰাকীয়ে কয় যে, গোৱালপাৰা জিলাত কাঠফুলাৰ গঢ়ি উঠিছে বহু কেইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় ৷

এই বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ পৰা অত্যাধিক মাচুল লৈ পাঠদান কৰি আছে ৷ বহু দুখীয়া ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে মাচুল আদায় দিব নোৱাৰাৰ বাবেই ছাত্ৰ-ছাত্ৰীয়ে নিজৰ আত্মসন্মানৰ বাবে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাছি লয় নেকি ? এইসমূহ বিদ্যালয়ক তদন্তৰ আওতালৈ আনি উচিত তদন্ত কৰিবলৈ জিলা প্ৰশাসনক দাবী জনায় সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: International Museum Day : বিশ্ব সাংস্কৃতিক বিনিময়ৰ মাধ্যম হৈছে সংগ্ৰহালয়; প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.