গোৱালপাৰা,৩০ মাৰ্চ : ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling in Assam)। শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী আৰু বন বিভাগ । কিন্তু আৰক্ষী আৰু বন বিভাগৰ চকুত ধুলি দি একাংশ দুষ্টচক্ৰই এই সৰবৰাহ এতিয়াও অব্যাহত ৰাখিছে ।
ইয়াৰ মাজতে গোৱালপাৰা জিলাত চলিল বন বিভাগৰ অভিযান । অভিযানত জিলাখনৰ শোলমাৰীৰ পৰা নিশা চেগুন কাঠ ভৰ্তি এখন পিক আপ ভান জব্দ কৰে (Illegal timber seized at Goalpara)। জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা হ'ব বুলি জানিব পৰা গৈছে ।
গোৱালপাৰা আঞ্চলিক বন বিষয়া জগন্নাথ আগৰৱালাৰ নেতৃত্বত বন বিভাগৰ এটা দলে এই অভিযান চলাইছিল । পিক আপ ভানখনৰ নম্বৰ AS-18-C-5584 ।
লগতে পঢ়ক :দলগাঁৱত হেৰ'ইনসহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰী